12 C
Guwahati
Friday, January 28, 2022
More

    আজিৰে পৰা মহানগৰীত অনিৰ্দিষ্ট কাললৈ নিষিদ্ধ ৰেপিড’ বাইক

    মহানগৰীত চলাচলৰ বাবে অনুজ্ঞাপত্ৰ নথকাৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে আজি এই ৰেপিড’ বাইক টেক্সী সেৱা নিষিদ্ধ কৰাৰ লগতে কাৰ্য্যালয় চীল কৰি দিয়ে

    এক দুখবৰ। মহানগৰবাসীৰ যাতায়ত ব্যৱস্থা সুচল কৰি তোলা ৰেপিড’সেৱা আজিৰেপৰা বন্ধ হ’ল। ৰেপিড’ বাইক টেক্সি সেৱা মহানগৰত আছিল অতি জনপ্ৰিয়। ৰেপিড’সেৱাৰ জৰিয়তে বহুতো যুৱক-যুৱতীয়ে নিজৰ বাইক-স্কুটীখনক উপাৰ্জনৰ পথ হিচাপে লৈছিল।

    নিবনুৱা সমস্যা হ্ৰাস কৰাত অলপ হ’লেও অৰিহণা আছিল এই সেৱাৰ। পৰিবহণ বিভাগৰ অনুমতি নথকাৰ বাবে নিষিদ্ধ কৰা হ’ল ৰেপিড’ সেৱা!মহানগৰীত চলাচলৰ বাবে অনুজ্ঞাপত্ৰ নথকাৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে আজি এই ৰেপিড’ বাইক টেক্সী সেৱা নিষিদ্ধ কৰাৰ লগতে কাৰ্য্যালয় চীল কৰি দিয়ে।

    উল্লেখ্য যে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে সদৰী কৰা অনুসৰি ৰেপিড’ই মহানগৰীত চলাচলৰ অনুমতিৰ বাবে ইতিমধ্যে আবেদন জনাইছে, যদি অনুমতি লাভ কৰে তেন্তে পুনৰ এই সেৱা আৰম্ভ কৰিব পাৰিব। ইফালে ৰেপিড’ৰ উচ্চস্তৰীয় সূত্ৰ অনুসৰি তেওঁলোকে পৰিবহণ বিভাগৰ অনুমতি বিচাৰি যোৱাবৰ্ষৰ আগষ্ট মাহত আবেদন কৰিছিল যদিও সেই বিষয়ত কোনো গুৰুত্ব প্ৰদান কৰা নাছিল পৰিবহণ বিভাগে।

    Photo Credit: LLB

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং