গহপুৰত এগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা। অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। গহপুৰৰ নিগম উত্তৰ লাইনৰ ফুল ফুকন (৪৩) নামৰ বিধৱা মহিলাগৰাকীক ঘৰত কোনো নথকাৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰাৰ পাছত গামোচাৰে ডিঙি চেপি হত্যা কৰি ঘৰৰ বিচনাত পেলাই থৈ যায়।
বিয়লি ফুলৰ ভাতৃয়ে বায়েকৰ ঘৰলৈ আহি ভিতৰলৈ সোমোৱাত বিচনাত অৰ্ধ উলংগ বায়েকৰ নিথৰ মৃতদেহ প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয়। স্বামীহাৰা ফুলে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিছিল। আৰ্থিক দীনতাৰ বাবে একমাত্ৰ পুত্ৰই হায়দৰাবাদৰ কোম্পানীত কৰ্মৰত হৈ আছে। ইতিমধ্যে হাৱাজান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।