23.4 C
Guwahati
Wednesday, October 20, 2021
More

    অশ্লীল ৰেপ গীতৰ যোগেদি চুতীয়া জনগোষ্ঠীক অপমান ৰেপ গায়ক এমচি ছাইক’ ওৰফে ৰাহুল ৰাভাৰ; জাঙুৰ খাই উঠিছে চুতীয়া ছাত্ৰ সংগঠন

    জনজাতীয় খিলঞ্জীয়া তথাকথিত ৰাভা সম্প্ৰদায়ৰ অশ্লীল গান গোৱা যুৱকৰ অসমৰ ভৌগোলিক তথ্য, অসমৰ ইতিহাস নজনাটো হাস্যকৰ আৰু অভিভাৱকৰ কৰণীয় নাই নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে

    ‘মাজুলী গাভৰু’ শীৰ্ষক গীতটোৰ বিতৰ্কৰ পাছত পুনৰ বিতৰ্কত সোমাই পৰিছে এমচি ছাইক’ ওৰফে ৰাহুল ৰাভা নামৰ তথাকথিত ৰেপ গায়কজনৰ ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱা এটা গীতে অপমানিত কৰিছে অসমৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক। জনগোষ্ঠীটোক তাচ্ছিল্য বা অপমান কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি জাঙুৰ খাই উঠিছে চুতীয়া ছাত্ৰ সংগঠন। ইতিমধ্যে কেইবাখনো জিলাত পৃথকে পৃথকে ৰাহুল ৰাভা নামৰ ভণ্ড গায়কজনৰ ওপৰত গোচৰ ৰুজু কৰিছে সংগঠনটোৱে ৷ ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাইও আজি সৰুপথাৰ সদৰ থানাত এক গোচৰ ৰুজু কৰে।

    অসমৰ বাহিৰৰ পৰা আমদানিকৃত শব্দ ব্যৱহাৰ কৰি অসমৰ আদিম জনগোষ্ঠী চুতীয়াসকলক অপমানিত কৰাৰ অধিকাৰ কাৰোৰে নাই বুলি স্পষ্ট কৰাৰ লগতে জনজাতীয় খিলঞ্জীয়া তথাকথিত ৰাভা সম্প্ৰদায়ৰ অশ্লীল গান গোৱা যুৱকৰ অসমৰ ভৌগোলিক তথ্য, অসমৰ ইতিহাস নজনাটো হাস্যকৰ আৰু অভিভাৱকৰ কৰণীয় নাই নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে। নিজ অসমৰ নিজ খিলঞ্জীয়া জনজাতি-জনগোষ্ঠীক নিজ মানুহৰ দ্বাৰাই বাৰম্বাৰ অপমান কৰাটো অতি লজ্জাজনক আৰু যদি এইবাৰ চৰকাৰ তথা প্ৰশাসনে কোনো ব্যৱস্থা নলয় তেন্তে সংগঠনটোৱে নিজেই আইন হাতত তুলি উচিত ব্যৱস্থা ল’ব বুলি জানিবলৈ দিয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং