26 C
Guwahati
Sunday, October 24, 2021
More

    অৰ্জুন কাপুৰৰ ‘পানীপট’ৰ ট্ৰেলৰ চাই সুখী ৰণবীৰ সিং, ক’লে….

    আশুতোষ গোৱাৰিকাৰৰ পৰিচালনাত 'পানীপট'। ৬ ডিচেম্বৰত মুকলি হ'ব ছবিখন।

    বলীউডৰ অভিনেতা অৰ্জুন কাপুৰে ক’লে যে তেওঁৰ বন্ধু তথা অভিনেতা ৰণবীৰ সিঙে তেওঁৰ আগন্তুক পিৰিয়ড ছবি ‘পানীপট’ৰ ট্ৰেলৰ চাই যথেষ্ট উত্সাহিত। যেতিয়াৰে পৰা ‘পানীপট’ৰ ট্ৰেলৰ মুকলি হৈছে বহুজনে ২০১৫ত মুকলি হোৱা ব্লকবাষ্টাৰ ছবি ‘বাজীৰাও মাস্তানী’ৰ চৰিত্ৰৰ ৰূপৰ সৈতে এই ছবিখনৰ ৰূপৰ তুলনা কৰিছে।

    ‘পানীপট’ত অৰ্জুনে মাৰাঠী যুদ্ধা সদাশিৱ ৰাও ভাউৰ চৰিত্ৰত অভিনয় কৰিব।

    যেতিয়া অৰ্জুনক প্ৰশ্ন কৰা হৈছিল যে তেওঁৰ বন্ধু ৰণবীৰে এই দুয়োটা চৰিত্ৰৰ মিল থকা সন্দৰ্ভত কোনোধৰণৰ মন্তব্য কৰিছে নেকি? এই প্ৰশ্নৰ উত্তৰত অভিনেতাগৰাকীয়ে ক’লে, ‘ৰণবীৰে ছবিখনৰ ট্ৰেলৰ চাই যথেষ্ট উত্সাহিত আৰু মই ইয়াৰ বাবে সুখী অনুভৱ কৰিছো। অভিনেতা হোৱাৰ উপৰিও আমি দুয়োজন ভাল বন্ধু। আমি নিয়মিতভাৱে অভিনয় আৰু চৰিত্ৰক লৈ আলোচনা কৰিব নোৱাৰো। আমি অভিনেতা হিচাপে এটা শ্ৰেণীৰে ছবি কৰিব পাৰো কিন্তু এইসমূহ ছবিৰ কাহিনী পৃথক হয়। আমি সদায় বন্ধুৰ দৰেই লগ ধৰো আৰু আমাৰ আলোচনা বন্ধুৰ মাজতে সীমাবদ্ধ থাকে।

    আশুতোষ গোৱাৰিকাৰৰ পৰিচালনাত ‘পানীপট’। ৬ ডিচেম্বৰত মুকলি হ’ব ছবিখন।

    ছবিখনৰ ট্ৰেলৰ:

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং