30 C
Guwahati
Tuesday, October 26, 2021
More

    মোৰ মাৰ আগৰেই পৰা আছে Attitude Problem-কিয় এনেদৰে ক’লে ৰাণু মণ্ডলৰ কন্যাই!

    নতুন জীৱন পাই তেওঁ এনে হোৱা নাই, আগৰে পৰা মোৰ মা এনেকুৱাই। গতিকে তেওঁক মানুহে ঠাট্টা-মস্কৰা কৰি থাকিলে মই মনত বৰ দুখ পাও

    ৰাণু মণ্ডল মানেই যেন Internet sensation. কলকাতাৰ ৰাণাঘাট ৰে’লৱে ষ্টেছনৰ পৰা বলীউডলৈকে কৰা ৰাণুৰ যাত্ৰা সকলোৰে বাবে চৰ্চাৰ বিষয়। কিন্তু ৰাণু মণ্ডলে ছচিয়েল মিডিয়াত কিমান যে ট্ৰ’লৰ সন্মুখীন হয় তাৰো সীমা সংখ্যা নাই। সততে অনুৰাগীক কৰা দুৰ্ব্যৱহাৰ, তাছিল্ল্য তথা বিভিন্ন অনুষ্ঠানত কোনো প্ৰশ্নৰ দম্ভালি মাৰি দিয়া উত্তৰৰ বাবে ৰাণু মণ্ডল তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে। সকলোৱে কয় ৰাণুৱে পাহৰি পেলাইছে তেওঁ এৰি অহা অতীতক। ছচিয়েল মিডিয়াত ৰাণু মণ্ডলক কৰা ট্ৰ’ল দেখি দুখত ভাগি পৰিছে ৰাণুৰ কন্যা এলিজাবেথ সাথী ৰয়।

    Photo Credit: OrissaPost

    হকে বিহকে মাতৃক তুচ্চ-তাচ্ছিল্ল্য কৰা সহিব নোৱাৰি এলিজাবেথে কয়- ”মোৰ মাৰ আগৰে পৰা Attitude Problem আছে। এয়া নতুন কথা নহয়। নতুন জীৱন পাই তেওঁ এনে হোৱা নাই, আগৰে পৰা মোৰ মা এনেকুৱাই। গতিকে তেওঁক মানুহে ঠাট্টা-মস্কৰা কৰি থাকিলে মই মনত বৰ দুখ পাও। বহু দুখ-কষ্ট নেওচি, সংগ্ৰাম-সংঘৰ্ষ কৰিহে মা আজিৰ স্থানত উপনীত হৈছেহি। গতিকে মোৰ মা ৰাণু মণ্ডলক যাতে কোনেও আৰু ছচিয়েল মিডিয়াত ট্ৰ’ল দি নাথাকে, তাৰ বাবে সকলোকে অনুৰোধ জনালো। উল্লেখ্য যে এলিজাবেথ সাথী ৰয়ৰ এই মন্তব্যও বৰ্তমান সন্মুখীন হৈছে ট্ৰ’লৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং