‘গণতান্ত্ৰিক দেশত নতুন দল গঠন কৰিব পাৰে৷ আমি আদৰণি জনাম। এনেকুৱা দলৰ জৰিয়তে বিজেপিৰ কোনোধৰণৰ ক্ষতি নহয়। অসমবাসীৰ আৰ্শীবাদ যেতিয়ালৈ বিজেপিৰ লগত থাকিব তেতিয়ালৈ বিজেপিৰ ক্ষতি নহয়।’- নতুন দল গঠন সন্দৰ্ভত BJPৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া প্ৰকাশ।
মই মুখ্যমন্ত্ৰীক মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিবলৈ কৈছো৷ মুখ্যমন্ত্ৰীয়ে নিশ্চয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব৷ কিন্তু কেতিয়া কৰিব বা কাক কাক লৈ কৰিব, সেয়া মুখ্যমন্ত্ৰীৰ এক্তিয়াৰৰ বিষয়। এই মন্তব্য BJPৰ ৰাজ্যিক সভাপতিগৰাকীৰ।
‘AGPৰ সৈতে আমাৰ বুজাবুজি আছে৷ একেদৰে BPF, ৰাভা, তিৱা আৰু গণশক্তিৰ সৈতেও আছে বুজাবুজি৷ ৰাজনীতিত একো অসম্ভৱ নহয়৷ আসনৰ বুজা-বুজিকলৈ এতিয়াও কোনো কথা আমাৰ মাজত আলোচনা হোৱা নাই।’- সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিলে ৰঞ্জিত দাসে।
Input: Anit Pratim Baruah