20 C
Guwahati
Saturday, January 29, 2022
More

    দেশদ্ৰোহী শ্বাৰ্জিল ইমামৰ সৈতে সম্পৰ্ক আছে অসমৰ বহুতৰঃৰণজিৎ দাস

    আগন্তুক দিনত শ্বাৰ্জিল ইমামে যেতিয়া লাই ডেটেক্টৰৰ সম্মুখীন হ'ব তেতিয়া অসমৰ বহু ব্যক্তিৰ নাম তেওঁৰ মুখেৰে ওলাব

    অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি উচতনিমূলক মন্তব্য কৰা JNUৰ প্ৰাক্তন ছাত্ৰ শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে আৰক্ষীয়ে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰিছিল। দিল্লী আৰক্ষীৰ সহযোগত কালি অসম আৰক্ষীয়ে গুৱাহাটীলৈ আনিলে শ্বাৰ্জিল ইমামক। শ্বাৰ্জিল ইমাম সম্পৰ্কে মুখ খুলিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে। দেশদ্ৰোহী শ্বাৰ্জিল ইমামৰ সৈতে সম্পৰ্ক আছে অসমৰ বহুতৰ।

    আগন্তুক দিনত শ্বাৰ্জিল ইমামে যেতিয়া লাই ডেটেক্টৰৰ সম্মুখীন হ’ব তেতিয়া অসমৰ বহু ব্যক্তিৰ নাম তেওঁৰ মুখেৰে ওলাব। শ্বাৰ্জিল ইমামৰ লগত ফোনত যোগাযোগ কৰাসকল কেৱল ৰাষ্ট্ৰদোহীয়েই নহয়, ফাঁচীৰ যোগ্য। শ্বাৰ্জিল ইমামক লৈ দিল্লী বা সমগ্ৰ ভাৰতবাসী যিমান উদ্বিগ্ন সিমান অসমৰ জাতীয় দল-সংগঠন নহয়। যিমান প্ৰতিবাদ কৰিব লাগিছিল, অসমৰ দল-সংগঠনে কৰা নাই। লখিমপুৰত মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং