18 C
Guwahati
Wednesday, November 23, 2022
More

    শিৱসাগৰৰ ৰংঘৰ বাকৰিত টাই আহোমৰ ‘ৰংপুৰ মেলা’

    ৰছী টনা, পিছল খুটা বগুৱা আদিকে ধৰি ভালেমান আকৰ্ষণীয় কাৰ্যসূচীৰে উদুলি মুদুলি ৰংঘৰৰ বাকৰি

    টাই আহোম যুৱ পৰিষদৰ উদ্যোগত শিৱসাগৰৰ ৰংঘৰ বাকৰিত অনুষ্ঠিত হৈছে ৰংপুৰ মেলা। পহিলা মাঘত অনুষ্ঠিত এই মেলা উপলক্ষে আজি ৰংঘৰ বাকৰি উদুলি মুদুলি পৰিৱেশ। তাই আহোম, গাৰো, তিৱা আদিকে ধৰি বহুকেইটা জনগোষ্ঠীয় সাংস্কৃতিক দলে এই অনুষ্ঠানত বৰ্ণিল কাৰ্যসূচী পৰিৱেশন কৰে।

    পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ অনুষ্ঠানৰ পিছত এছিয়াৰ প্ৰথম পেভিলিয়ন ৰূপে খ্যাত ৰংঘৰ বাকৰিত ৰংপুৰ মেলা আনুষ্ঠানিক ভাৱে আৰম্ভ হয়। ৰছী টনা, পিছল খুটা বগুৱা আদিকে ধৰি ভালেমান আকৰ্ষণীয় কাৰ্যসূচীৰে উদুলি মুদুলি ৰংঘৰৰ বাকৰি।

    উল্লেখ্য যে টাই আহোম যুৱ পৰিষদে ২০১১ বৰ্ষৰ পৰা ধাৰাবাহিক ভাৱে ৰংঘৰ বাকৰিত ‘ৰংপুৰ মেলা’ৰ আয়োজন কৰি আহিছে। আনহাতে ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত ৰংঘৰ বাকৰিত পৰম্পৰাগত ম’হ যুজঁ অনুষ্ঠিত হোৱা নাই যদিও ব্যাপক জন সমাগম ঘটিছে।

    Photo Credit: @sanjaypareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং