16 C
Guwahati
Thursday, December 8, 2022
More

    ৰঙিয়াৰ স্বস্তি হস্পিতালত প্ৰসূতিৰ জীৱনক লৈ হেতালি; ভুল চিকিৎসাৰ বলি হৈ মৃত্যুক সাৱটিলে নৱজাতকে

    ডা: হিতেন্দ্ৰ কলিতা আৰু তেওঁৰ নেতৃত্বাধীন স্বস্তি চিকিৎসালয়ৰ বিৰুদ্ধে পৰিয়ালটোৱে ন্যায় বিছাৰি আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ

    ৰঙিয়াৰ ব্যয়বহুল চিকিৎসালয় স্বস্তি হস্পিতালৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ এগৰাকী নৱজাতকে সকৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগমতে চিকিৎসালয়খনিৰ ডা: হিতেন্দ্ৰ কলিতা নেতৃত্বাধীন চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ নৱজাতকটিৰ কালি মৃত্যু হোৱাৰ পিছত মৃত সন্তানটি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত নিজ হাতে পুতি থৈ আহিয়েই চিকিৎসালয়খনিৰ কু-কাৰ্য ফাদিল কৰিলে নৱজাতকটিৰ পিতৃ-মাতৃয়ে।

    শিৱসাগৰৰ সোণাৰিৰ উত্তম গগৈ আৰু টুটুমনি গগৈয়ে চাকৰি সূত্ৰে নলবাৰীত গোপালবজাৰত থকা ভাড়াঘৰত বাস কৰে। উত্তম গগৈ টেট শিক্ষক হিচাপে বৰপেটাত কাৰ্যনিৰ্বাহ কৰাৰ বিপৰীতে টুটুমণি গগৈয়ে নলবাৰীৰ তিলানাত টেট শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । নলবাৰী চহৰত ভাড়াতীয়া হিচাপে থকা সেই দম্পত্তিয়ে যোৱা ৬ বছৰে দেখা নাই সন্তানৰ মুখ । তেনে অৱস্থাত শিক্ষয়িত্ৰীগৰাকীয়ে গৰ্ভৱতী হোৱাৰ পিছৰে পৰাই চিকিৎসা গ্ৰহণ কৰিছিল ৰঙিয়াৰ স্বস্তি চিকিৎসালয়ৰ ডা: হিতেন্দ্ৰ কলিতাৰ।

    পিছে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি মাতৃ গৰ্ভত নৱজাতকটো ঠিকে থকা বুলি পৰিয়ালটোক জনোৱাৰ পিছত সময়মতে চিকিৎসালয়ত ভৰ্তি কৰোৱাত ১৯ ঘন্টাৰ পিছতহে অস্ত্ৰোপচাৰ কৰি মাতৃ গৰ্ভৰ পৰা সন্তানটিক উলিয়াই আনে। আক্ৰান্ত পৰিয়ালৰটোৰ অভিযোগ মতে চিজাৰিয়ানৰ সময়ত ভুল চিকিৎসা আৰু দায়িত্বজ্ঞানহীন তথা অনভিজ্ঞ চিকিৎসকৰ দ্বাৰাই অস্ত্ৰোপচাৰ কৰোৱাৰ বাবেই সদ্যজাত শিশুটোৰ মুৰত যথেষ্ট আঘাত পোৱাৰ বাবেই সন্তনটিৰ অৱস্থা সংকটজনক হৈ পৰাত আই চি ইউত ৰাখিব লগীয়া হয়।

    আনকি কণমানি সন্তানটিৰ অৱস্থা অধিক সংকটজনক হৈ পৰাৰ পিছতো অন্য চিকিৎসালয়লৈ পৰিয়ালটোক নিবলৈ নিদিয়াৰ অভিযোগ আনি আক্ৰান্ত পিতৃ গৰাকীয়ে পুনৰ কয় – একমাত্ৰ ধন ঘটাৰ বাবে তেওঁৰ পত্নী আৰু নৱজাতকটিৰ জীৱনক লৈ হেতালি খেলিলে ডা: হিতেন্দ্ৰ কলিতা এণ্ড কোম্পানীটোৱে । অৱশেষত শিক্ষক উত্তম গগৈয়ে জোৰ কৰি উক্ত চিকিৎসালয়খনিৰ পৰা গুৱাহাটীৰ প্ৰতীক্ষা হস্পিতাললৈ নি চিকিৎসা কৰোৱাই যদিও কালি সকৰুণভাবে মৃত্যুক আঁকোৱালি লয় কণমানি সন্তানটোৱে।

    ডা: হিতেন্দ্ৰ কলিতা আৰু তেওঁৰ নেতৃত্বাধীন স্বস্তি চিকিৎসালয়ৰ বিৰুদ্ধে পৰিয়ালটোৱে ন্যায় বিছাৰি আদালতৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ দিছে। লক্ষণীয় কথা এয়ে যে ৰাজ্যৰ চৌদিশে কাঠফুলাৰ দৰে বৃদ্ধি হৈ অহা এনে বেচৰকাৰী চিকিৎসালয়সমূহে ৰোগীৰ জীৱনক লৈ হেতালি খেলি কেৱল মাত্ৰ কোৰোণাৰে ধন ঘটাতহে যে ব্যস্ত সেই কথা পুনৰবাৰ প্ৰমাণ হ’ল শিক্ষক দম্পত্তিৰ জীৱনক লৈ খেলা হেতালিৰ ঘটনাই । এই ঘটনা সন্দৰ্ভত দুৰ্ভগীয়া দম্পতী হালে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং