NRCক লৈ আমি সুখী নহয়, এইখন NRCত বহু গণ্ডগোল আছে, আমি আগতেই গম পাইছিলো যে NRCত বহু বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হ’ব।’- NRC সন্দৰ্ভত বিস্ফোৰক মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ।
‘এইখন NRCৰ পৰা বহু ভাৰতীয়ৰ নাম কৰ্তন কৰা হৈছে, তৰুণ গগৈ চৰকাৰৰ দিনত প্ৰথম NRCৰ কাম আৰম্ভ কৰোতে বহু হুলস্থুলৰ সৃষ্টি হৈছিল কিন্তু NRCৰ প্ৰথমখন খচৰা প্ৰকাশ পাওঁতে কোনোধৰণৰ হুলস্থুলৰ সৃষ্টি নহ’ল কাৰণ যিসকলে হুলস্থুল কৰিছিল সেইসকল বাংলাদেশীৰ নাম ইতিমধ্যে NRCত সোমাই গল সেইবাবে হুলস্থুলৰ সৃষ্টি নহল।- এই বিস্ফোৰক অভিযোগ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।
‘NRCৰ কাম সম্পন্ন কৰাৰ বাবে জনতাৰ ১৬০০ কোটি টকা খৰছ কৰা হৈছিল ইয়াৰ হিচাপ লাগিব আমাক।’- এই মন্তব্য ৰামেশ্বৰ তেলীৰ। NRC ভাৰতীয়সকলক লৈ কৰা কথা আছিল কিন্তু এইখন NRCত বাংলাদেশী লোকৰ নাম অন্তৰ্ভুক্ত হ’ল বুলিও অভিযোগ উত্থাপন কৰে তেলীয়ে। NRC বাদ পৰা সকলো বৈধ ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব, NRC বিষয়টো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অৱগত কৰা হ’ব বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।