26 C
Guwahati
Friday, September 23, 2022
More

    ৰাম জেঠমালানীৰ দেহাৱসান, প্ৰধানমন্ত্ৰী, গৃহ মন্ত্ৰীৰ শোক প্ৰকাশ

    ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে

    জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী ৰাম জেঠমালানীৰ দেহাৱসান, ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। এসপ্তাহৰ পৰা অধিক অৱনতি ঘটিছিল ৰাম জেঠমালানীৰ স্বাস্থ্যৰ। আৰু আজি পুৱা প্ৰায় ৭.৪৫ বজাত দেহাৱসান ঘটে ৰাম জেঠমালানীৰ।

    প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, বিজেপি নেতা সুব্ৰমণিয়ম স্বামীৰ লগতে বিভিন্নজনৰ শোক প্ৰকাশ।

    আজি বিয়লিৰ ভাগতে নতুন দিল্লীৰ লধি ৰোড শ্মশানত সম্পন্ন কৰা হ’ব ৰাম জেঠমালানীৰ শেষকৃত্য। তেখেতৰ পুত্ৰই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত জনাইছে এই কথা।

    Photo Credit : moneycontrol.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং