19 C
Guwahati
Thursday, November 25, 2021
More

    CLP বৈঠকত উপস্থিত নহ’ল ৰকিবুল হুছেইন আৰু তেওঁৰ অনুগত ১২ বিধায়ক

    ১৩ জানুৱাৰীত বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনৰ আয়োজন কৰা হৈছে। CAAবিৰোধী ৰণকৌশল গ্ৰহণৰ বাবে অনুষ্ঠিত কৰা হৈছিল CLP বৈঠক। কিন্তু সেই বৈঠকত উপস্থিত নহ'ল ৰকিবুলবাহিনী

    কংগ্ৰেছৰ আভ্যন্তৰীণ মহলত এতিয়া বিসম্বাদ তুংগত উঠিছে। কংগ্ৰেছৰ যি ‘কা’ বিৰোধী স্থিতি আছিল সেই সন্দৰ্ভত বিশ্বাসঘাতকতা কৰিছে নেকি বুলি এতিয়া প্ৰশ্ন উত্থাপন হৈছে। ৰকিবুল হুছেইন আৰু তেওঁৰ নেতৃত্বত থকা ১২গৰাকী বিধায়ক উপস্থিত নহ’ল কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত। পুনৰ কংগ্ৰেছ দলত বিসম্বাদ আৰম্ভ হোৱাৰ সম্ভাৱনা। এই বিসম্বাদ হৈছে ৰকিবুল হুছেইন আৰু দেৱব্ৰত শইকীয়াৰ মাজত। দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতিৰ আসনৰ পৰা আঁতৰোৱাৰ বাবে ষড়যন্ত্ৰ কৰিছে। বিৰোধী দলপতিক যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয় কংগ্ৰেছ দলৰ সভাপতিক গুৰুত্ব দিয়া হয় কিন্তু ৰকিবুল হুছেইনক গুৰুত্ব নিদিয়াৰ বাবে প্ৰায় ১২ গৰাকী বিধায়কক লৈ আগবাঢ়িছে।

    ১৩ জানুৱাৰীত বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনৰ আয়োজন কৰা হৈছে। CAAবিৰোধী ৰণকৌশল গ্ৰহণৰ বাবে অনুষ্ঠিত কৰা হৈছিল CLP বৈঠক। কিন্তু সেই বৈঠকত উপস্থিত নহ’ল ৰকিবুলবাহিনী। তত্ত্বাবধায়ক হৰিশ ৰাৱটৰ নিৰ্দেশত আহ্বান কৰা হৈছিল এই বৈঠকখন। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বিধিয়ক কমলাক্ষ দেৱ পুৰকায়স্থৰ বাহিৰে কোনো উপস্থিত নাথাকিল বৈঠকত৷ ফলত ক’ৰাম পূৰ্ণ নোহোৱাত বাতিল হ’ল বৈঠক।

    কংগ্ৰেছ হাইকমাণ্ডক অভিযোগ উত্থাপন কৰে ডেপুটি চীফ হুইপ কমলাক্ষ দে’ পুৰকায়স্থই। কমলাক্ষ দে’ পুৰকায়স্থই আহ্বান কৰিছিল এই বৈঠকখন।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং