15 C
Guwahati
Tuesday, January 25, 2022
More

    সুখবৰঃপুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম কন্যা

    ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি অসম কন্যাগৰাকীয়ে দক্ষিণ আফ্ৰিকাত জিনিলে ব্ৰঞ্জৰ পদক। ৩৫০ কেজি ওজন দাঙি নিজৰ শক্তি প্ৰদৰ্শন কৰি লাভ কৰিলে এই পদক

    আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম কন্যা। দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা World Masters Powerlifting Championship 2019ত ব্ৰঞ্জৰ পদক আজুৰিবলৈ সক্ষম হয় গুৱাহাটী গান্ধীবস্তিৰ ৰাখি শৰ্মাই। ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি অসম কন্যাগৰাকীয়ে দক্ষিণ আফ্ৰিকাত জিনিলে ব্ৰঞ্জৰ পদক। ৩৫০ কেজি ওজন দাঙি নিজৰ শক্তি প্ৰদৰ্শন কৰি লাভ কৰিলে এই পদক।

    উল্লেখ্য যে, World Masters Powerlifting Championship ২০১৯ত অংশগ্ৰহণ কৰা অসম কন্যা ৰাখি শৰ্মাই একমাত্ৰ ভাৰতীয় মহিলা। পদক জিনি মঙলবাৰে গৃহভূমিত উপস্থিত হয় ৰাখি শৰ্মা। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন দল-সংগঠনৰ লগতে শুভকাংশীসকলে বিমানবন্দৰতে আদৰণি জনাই ৰাখি শৰ্মাক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং