27 C
Guwahati
Thursday, October 14, 2021
More

    ৰাজ্যসভাৰ ৩ আসনক লৈ তৎপৰ বিৰোধী, অখিল গগৈ হ’ব পাৰে বিৰোধীৰ উমৈহতিয়া প্ৰাৰ্থী

    চিৰাজুদ্দিন আজমলক প্ৰক্ষেপ কৰাৰ পক্ষত একাংশ কংগ্ৰেছী

    অহা ২৬ মাৰ্চত ৰাজ্যত অনুষ্ঠিত হ’ব ৰাজ্যসভা আসনৰ নিৰ্বাচন। ৰাজ্যসভাৰ ৩ আসনক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে বিৰোধী। বিৰোধীৰ উমৈহতিয়া প্ৰাৰ্থী প্ৰক্ষেপত অন্তিম সিদ্ধান্তৰ দিশত।

    বিৰোধী দলৰ ভিতৰত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত চলি আছে এই সন্দৰ্ভত আলোচনা। এই আলোচনাৰ পৰা বিশেষকৈ নাম উচ্চাৰিত হৈছে বৰ্তমানে আৰক্ষীৰ জিম্মাত থকা কৃষক মুক্তি সংগ্ৰাম সমিটিৰ নেতা অখিল গগৈৰ নাম।

    এ আই ইউ ডি এফৰ পৰা একাংশই বিচাৰিছে অখিল গগৈক। অখিল গগৈ হ’ব পাৰে বিৰোধীৰ উমৈহতিয়া প্ৰাৰ্থী। কংগ্ৰেছৰ পৰাও দিয়া হৈছে এক পাৰ্থীৰ নাম। চিৰাজুদ্দিন আজমলক প্ৰক্ষেপ কৰাৰ পক্ষত একাংশ কংগ্ৰেছী।

    Photo credit: Wikipedia and flicker

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং