জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছত উত্ৰাৱল পাকিস্তানে পুনৰ ভাৰতীয় সুৰক্ষাকৰ্মীক লক্ষ্য কৰি গুলীয়াগুলী কৰিছিল। পাকিস্তানৰ এনেধৰণৰ কাৰ্যৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে পুনৰ ইমৰান খান চৰকাৰক সতৰ্কবাণী, এতিয়া পাকিস্তানৰ সৈতে যি কথা হ’ব সেয়া পাক অধিকৃত কাশ্মীৰ (POK)ৰ ওপৰত হ’ব।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰিলে হাৰিয়ানাৰ কালকাত অনুষ্ঠিত এখন জনসভাত।
ৰাজনাথ সিঙে ক’ল যে, পুলৱামাত আমাৰ সৈনিকসকলৰ সৈতে যি হ’ল তাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে আমি ইয়াৰ প্ৰত্যুত্তৰ দিম। আমাৰ বায়ুসেনাৰ জোৱানে POKৰ বালাকোটত সন্ত্ৰাসবাদীৰ সংহাৰ কৰিছিল। সেই সময়ত ইমৰান খানে কৈছিল যে, এজনো লোক নিহত হোৱা নাছিল।