28 C
Guwahati
Tuesday, October 4, 2022
More

    ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ হুংকাৰ;কোনো কাৰণতে মানি লোৱা নহ’ব CAA

    অৰুনাচল প্ৰদেশৰ নাগৰিকে কেতিয়াও ' NRC'ৰ জৰিয়তে নিজকে ভাৰতীয় বুলি প্ৰমান দিবলৈ নাযায় বুলি অৰুনাচলৰ শিক্ষাৰ্থী সকলৰ প্ৰতিবাদ

    নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালভাৱে চুবুৰীয়া ৰাজ্য অৰুনাচলতো অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অৰুনাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে প্ৰতিবাদ।

    বিশ্ববিদ্যালয় খনৰ শিক্ষাৰ্থী সকলে হাতে-হাতে প্লে-কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰদান কৰিছে হুংকাৰ। কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ দিছে, লগতে অমিত শ্বাহে সমগ্ৰ দেশ জুৰি NRC হ’ব বুলি কৰা ঘোষণাৰো তীব্ৰ প্ৰতিবাদ কৰিছে। অৰুনাচল প্ৰদেশৰ নাগৰিকে কেতিয়াও ‘ NRC’ৰ জৰিয়তে নিজকে ভাৰতীয় বুলি প্ৰমান দিবলৈ নাযায় বুলি অৰুনাচলৰ শিক্ষাৰ্থী সকলে সকিয়নী দিছে।

    Photo: @hassinuralom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং