28 C
Guwahati
Friday, September 17, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    হিমাচল-মধ্যপ্ৰদেশসহ ১৭খন ৰাজ্যত প্ৰৱল বৰষুণৰ সম্ভাৱনা, উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণত ২১ গৰাকী লোকৰ মৃত্যু

    হিমাচলত দেওবাৰে নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনত ২৪ গৰাকী লোকৰ মৃত্যু হয়।

    • হিমাচল প্ৰদেশত দেওবাৰে সামান্যতকৈ ১০৬৫ শতাংশ বৰষুণ বেছি হয়, ২৪ গৰাকী লোকৰ মৃত্যু হয়
    • উত্তৰাখণ্ডত কেইবাটাও এলেকাত ডাৱৰ বিস্ফোৰণ, উত্তৰকাশীত ২৫টা ঘৰ উটি যায়, সেনা উদ্ধাৰ অভিযান অব্যাহত
    • ১ জুনৰ পৰা বৰ্তমানলৈ সমগ্ৰ দেশতে ৬২৬ মিমি বৰষুণ হয়, সামান্যৰ পৰা ২ শতাংশই অধিক।  

    দেশৰ উত্তৰ আৰু পাহাৰীয়া ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত। বতৰ বিজ্ঞান বিভাগে সোমবাৰে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড,মধ্যপ্ৰদেশসহ ১৭খন ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা। উত্তৰাখণ্ডৰ উত্তৰকাশীত ডাৱৰ বিস্ফোৰণৰ ফলত বিগত দুদিনত ২১ গৰাকী লোকৰ মৃত্যু হয়। সেনা হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আনহাতে, হিমাচলত দেওবাৰে নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনত ২৪ গৰাকী লোকৰ মৃত্যু হয়।

    বতৰ বিজ্ঞান বিভাগে সোমবাৰে দুপৰীয়া আগন্তুক ২৪ ঘণ্টাত উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ছত্তীশগড়, পূব ৰাজস্থান, মহাৰাষ্ট্ৰৰ বিদৰ্ভ, বিহাৰ, ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, দক্ষিণ কৰ্ণাটক, তামিলনাডু, পুডুচেৰী, অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ৰ কিছু অঞ্চলত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা। মনছুন আৰম্ভণিৰে পৰা বৰ্তমানলৈ সমগ্ৰ দেশত ইতিমধ্যে ৬২৬ মিলিমিটাৰ হৈছে বৰষুণ।

    উত্তৰাখণ্ডঃ উত্তৰকাশীৰ ৩খন গাঁৱত ডাৱৰ বিস্ফোৰণ

    উত্তৰকাশীত শনিবাৰে নিশা অৰাকোট, মাকুড়ী আৰু তিকোচী গাঁৱত ডাৱৰ বিস্ফোৰণ হয়। বিস্ফোৰণৰ ফলত প্ৰায় ২৫টা ঘৰৰ ক্ষতিসাধনৰ লগতে ২১ গৰাকী লোকৰ মৃত্যু হয়। সেনাৰ দুখন হেলিকপ্টাৰ উত্তৰকাশীত উদ্ধাৰ অভিযানত ব্যস্ত। মোৰীৰ পৰা দুজন লোকক সুৰক্ষিতভাৱে উলিওৱা হয়। উত্তৰকাশী, চমোলী, পিথোৰাগড়, দেহৰাডুন, পোঢ়ী আৰু নেনিতালত ১৯ আৰু ২০ আগষ্টত প্ৰৱল বৰষুণৰ সম্ভাৱনা। স্কুলসমূহত ছুটীৰ ঘোষণা কৰা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    Breaking: অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান(ভাৰপ্ৰাপ্ত) পদত নিযুক্ত ভাস্কৰ জ্যোতি মহন্ত

    UPSC ৰ বৈঠকতহে অসমৰ পৰৱৰ্তী পুৰ্ণকালীন আৰক্ষী সঞ্চালকপ্ৰধান কোন হ’ব সেই লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব

    কৰ’ণা সতৰ্কতাঃ প্ৰথমবাৰলৈ কোনো প্ৰতিবাদ অবিহনে বন্ধ হ’ল অসমৰ চাহ বাগিচা

    চাহ শ্ৰমিকৰ মজুৰি প্ৰদান কৰিবলৈ প্ৰতিখন বাগিচাৰ মালিকপক্ষক দাবী আটছাৰ

    করিমগঞ্জে নিখোঁজ যুবতীর ঝুলন্ত মরদেহ উদ্ধার, খুনের অভিযোগ মায়ের

    নিখোজ হওয়া প্রায় বছর ১৬-র যুবতীর লাশ উদ্ধার।এ নিয়ে তীব্র চাঞ্চল্য বিরাজ করছে উত্তর করিমগঞ্জের জাতুয়া গ্রামে।

    বিজেপি জমানায় বরাকে ভাষিক আগ্রাসনের কোনও শঙ্কা নেই : রাজদীপ

    বিজেপি জমানায় বরাক উপত্যকায় ভাষিক আগ্রাসনের কোনও শঙ্কা নেই। চাকরির ক্ষেত্রে বরাক বঞ্চনার অভিযোগ ভিত্তিহীন।

    যুবতীর পেটে ১০ কেজি ওজনের টিউমার, সফল অস্ত্রোপচার শিলচরে

    শিলচরের এক নার্সিংহোমে এই যুবতীর অস্ত্রোপচার করেন স্ত্রীরোগ বিশেষজ্ঞ ডা: সুব্রত ভট্টাচার্য সহ তার সঙ্গী চিকিৎসক ডা: দেবাশিস বিশ্বাস ও ডা: অরিন্দম ভট্টাচার্য।

    BREAKING : শিলচর মেডিক্যালে চল্লিশ শয্যার আইসিইউ ওয়ার্ডের উদ্বোধন করলেন হিমন্তবিশ্ব

    শিলচর মেডিক্যাল কলেজ হাসপাতালে চল্লিশ শয্যার আইসিইউ ওয়ার্ডের উদ্বোধন করলেন রাজ্যের স্বাস্থ্যমন্ত্রী ডঃ হিমন্তবিশ্ব শর্মা।