27 C
Guwahati
Monday, November 29, 2021
More

    ৰাহুল গান্ধীৰ ‘SURRENDER MODI’ মন্তব্যত বিজেপিৰ আক্ৰমণ

    যা হওক, ৰাহুল গান্ধীৰ মন্তব্যত বিজেপিয়ে প্ৰত্যুত্তৰ দি ক'লে যে ৰাহুলে যিটো ভাষা ব্যৱহাৰ কৰিছে, সেয়া বিৰোধী দেশৰ নেতাও নকৰে

    কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ কৰিলে আক্ৰমনাত্মক মন্তব্য।

    গলৱান সংকটত লৈ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি ক’লে যে নৰেন্দ্ৰ মোদী বাস্তৱত ছাৰেন্দৰ মোদী।

    বিজেপিয়ে ৰাহুলৰ এই মন্তব্যত প্ৰত্যুত্তৰ দিলে। লগতে ৰাহুল গান্ধীৰ এই টুইটটোত SURRENDER শব্দটোৰ বানান ভুল লিখিছিল যাৰ বাবে তেওঁ বিপদত পৰিবলগীয়া হয়।

    যা হওক, ৰাহুল গান্ধীৰ মন্তব্যত বিজেপিয়ে প্ৰত্যুত্তৰ দি ক’লে যে ৰাহুলে যিটো ভাষা ব্যৱহাৰ কৰিছে, সেয়া বিৰোধী দেশৰ নেতাও নকৰে।

    তেওঁ ইয়াৰ বাবে ক্ষমা খুজিব লাগে। বিজেপিয়ে ক’লে ৰাহুল গান্ধীয়ে গৰিমা উলংঘন কৰিছে।

    বিজেপি নেতা শ্বাহনবাজ হুছেইনে ক’লে যে দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী মোদীক লৈ ৰাহুল গান্ধীয়ে যি শব্দৰ ব্যৱহাৰ কৰিছে, তেনেকুৱা অপমানজনক শব্দ বিৰোধী দেশৰ নেতাও ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰণে নকৰে।

    কিন্তু ৰাহুল গান্ধীয়ে ধাৰাবাহিকভাৱে ‘প্ৰধানমন্ত্ৰী’ আৰু ‘দেশ’ দুুয়োটাৰ অপমান কৰি আছে।

    ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ৰাহুল গান্ধীৰ SURRENDER টুইট বিতৰ্কক লৈ টুইট কৰে। SURRENDER শব্দটো লিখিব নাজানে বুলি চৰ্চা চৌদিশে।

    Photo Credit: Google

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং