মোদী চৰকাৰৰ প্ৰত্যেকটো বিষয়তে বিৰোধিতা কৰি অহা কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে এইবাৰ সমৰ্থন জনাইছে নৰেন্দ্ৰ মোদীৰ এটা সিদ্ধান্তত। আৰু ৰাহুল গান্ধীয়ে সমৰ্থন জনোৱা মোদী চৰকাৰৰ সেই সিদ্ধান্তটো হ’ল জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল।
নৰেন্দ্ৰ মোদীৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন জনাই টুইটাৰৰ জৰিয়তে ৰাহুল গান্ধীয়ে প্ৰকাশ কৰিছে যে কাশ্মীৰ প্ৰসংগটো ভাৰতৰ আভ্যন্তৰীণ সমস্যা আৰু পাকিস্তানে হওক বা অন্য কোনো দেশেই হওক কাকো হস্তক্ষেপ কৰিবলৈ দিয়া নহ’ব এই বিষয়টোত।
সাংসদ ৰাহুল গান্ধীয়ে কয় – মই মোদী চৰকাৰৰ কেইবাটাও বিষয়ৰ বিৰোধিতা কৰি আহিছো, কিন্তু এই কথা স্পষ্ট কৰি দিব বিচাৰো যে কাশ্মীৰ প্ৰসংগটো ভাৰতৰ আভ্যন্তৰীণ সমস্যা আৰু পাকিস্তানে হওক বা অন্য কোনো দেশেই হওক তৃতীয় পক্ষৰ কাকোকে হস্তক্ষেপ কৰিবলৈ দিয়া নহ’ব এই বিষয়টোত।
কাশ্মীৰত হোৱা হিংসাত্মক পৰিৱেশৰ বাবে পাকিস্তানক দোষাৰোপ কৰি ৰাহুল গান্ধীয়ে আন এটা টুইট কৰি কয় যে – জম্মু-কাশ্মীৰত হিংসাত্মক পৰিৱেশ সৃষ্টি হোৱাৰ কাৰণ একমাত্ৰ পাকিস্তান কিয়নো পাকিস্তানে উচতনি দিছে যাৰ পৰিণতিত হিংসাত্মক পৰিৱেশৰ সৃষ্টি হৈ আহিছে জম্মু-কাশ্মীৰত।
Photo Credit | moneycontrol.com