12.5 C
Guwahati
Saturday, January 29, 2022
More

    মই পূৰ্বেও কৈছিলো যদি অসমত বিজেপি আহে তেন্তে শান্তি ধ্বংস হ’বঃ ৰাহুল গান্ধী

    আজি বিজেপিয়ে দেশৰ অৰ্থ ব্যৱস্থা ধ্বংস কৰি পেলাইছে। দেশৰ প্ৰধানমন্ত্ৰীয়েও দেশৰ অৰ্থনীতিৰ ওপৰত একো নকয়। নৰেন্দ্ৰ মোদীৰ কাম কেৱল দেশক বিভাজন কৰা। বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন ৰাহুল গান্ধীৰ

    ‘মই পূৰ্বৰ ভাষণত কৈছিলো যদি অসমত বিজেপিৰ চৰকাৰ হয় তেন্তে শান্তি ধ্বংস হ’ব আৰু আজি এই কথা সত্য প্ৰমাণিত হৈছে।’- খানাপাৰাত এক দলীয় সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ। ‘অসমৰ পৰা মই বহুত শিকিছো। পূৰ্বে অসমলৈ আহোতে অসমৰ সংস্কৃতি, পৰম্পৰা আৰু মহাপুৰুষসকলৰ বিষয়ে জনা নাছিলো কিন্তু আপোনালোকৰ পৰা মই এইবোৰ শিকিলো। সকলোকে লৈ কেনেকৈ আগবাঢ়িব লাগে আপোনালোকৰ পৰা শিকিছো।’- এই কথা প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে।

    ‘ভিন ভিন চিন্তাধাৰা কেনেকৈ একত্ৰিত হৈছে অসমত দেখিছো। প্ৰথমে হিংসা হৈছিল, এতিয়া সকলো একত্ৰিত হৈছে। মই আপোনালোকৰ লগত আছো। আপোনালোকৰ শক্তিয়ে একতা, ভাতৃত্ববোধ, হিংসা, খং আৰু ক্ষোভেৰে অসম আগনাবাঢ়ে।’- খানাপাৰাত অনুষ্ঠিত সভাত এই মন্তব্য কৰে কংগ্ৰেছৰ সাংসদগৰাকীয়ে।

    বিজেপিৰ নেতাসকলক ক’ব লাগিব যে আমি একত্ৰিত হৈ আছো, আমাৰ বুৰঞ্জী আৰু সংস্কৃতিৰ ওপৰত আক্ৰমণ নচলিব। অসম চুক্তিৰ উদ্দেশ্যৰ পৰা আতৰিব নোৱাৰিব। জনতা আৰু যুৱকৰ ওপৰত গুলী কিয় মাৰিব লাগে, এয়া সঠিক পথ নহয় বুলিও ক’লে ৰাহুল গান্ধীয়ে। জনতাৰ মনত যদি কিবা আছে আৰু সেয়া যদি শান্তিৰে ব্যক্ত কৰিব বিচাৰে তাক কিয় প্ৰহাৰ কৰিব লাগে।

    আজি বিজেপিয়ে দেশৰ অৰ্থ ব্যৱস্থা ধ্বংস কৰি পেলাইছে। দেশৰ প্ৰধানমন্ত্ৰীয়েও দেশৰ অৰ্থনীতিৰ ওপৰত একো নকয়। নৰেন্দ্ৰ মোদীৰ কাম কেৱল দেশক বিভাজন কৰা। বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন ৰাহুল গান্ধীৰ। অসমৰ কিমানজনক চাকৰী দিলে। ৰ’দ-বৰষুণত মানুহক বেংকত শাৰী পতাইছে। ৩ লাখ ৫০ হাজাৰ পুঁজিপতিক দিছে নৰেন্দ্ৰ মোদীয়ে কিন্তু ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে কি কৰিছে মোদীয়ে।’- এই বুলি প্ৰশ্ন উত্থাপন কংগ্ৰেছৰ সাংসদগৰাকীৰ।

    আমি BJP, RSSক অসমৰ ভাষা সংস্কৃতিৰ ওপৰত আক্ৰমণ কৰিব নিদিও। নাগপুৰৰ নিৰ্দেশত অসম নচলিব। উত্তৰ-পূবৰ নিজ নিজ ভাষা সংস্কৃতি আছে। বিজেপিয়ে উত্তৰ-পূবৰ জনসাধাৰণক চিনিয়ে নাপালে। ভাৰতৰ কোনো নাগৰিকৰ ক্ষতি হ’ব নালাগে। মনত অলপ দুখ আছে। খানাপাৰাত অনুষ্ঠিত এক দলীয় সভাত মন্তব্য ৰাহুল গান্ধীৰ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং