19 C
Guwahati
Thursday, November 24, 2022
More

    ৰাজস্থানৰ ৰাজনৈতিক সংকট; শচীন পাইলটলৈ ৰাহুল গান্ধীৰ বাৰ্তা

    মঙ্গলবাৰে ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে উপমুখ্যমন্ত্ৰী আৰু দলৰ অধ্যক্ষ শচীন পাইলটসহ আন দুগৰাকী মন্ত্ৰীক বৰ্খাস্ত কৰে।

    বিজেপিৰ লগত লগ লাগি ৰাজস্থানৰ কংগ্ৰেছ দলক অশান্ত কৰাৰ অভিযোগ কংগ্ৰেছৰ একাংশ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে।


    ইয়াৰ মাজতে প্ৰাক্তন উপ মুখ্যমন্ত্ৰ শচীন পাইলটলৈ বাৰ্তা প্ৰেৰণ কৰে ৰাহুল গান্ধীয়ে ।


    তেওঁ কয় যে শচীন পাইলট দলৰ সদস্য আৰু দলৰ দুৱাৰ তেওঁৰ বাবে সদায় খুলা আছে ।

    লগতে মুখ্যমন্ত্ৰী অশোক গহলোটক কোনো ধৰণৰ সাৰ্বজনীক মন্তব্য আগবঢ়োৱাত বাধা প্ৰদান কৰে ৰাহুল গান্ধীয়ে।

    ৰাহুল গান্ধীৰ মন্তব্যৰ দ্বাৰা এয়া স্পষ্ট হৈছে যে এতিয়াও শচীন পাইলট বাবে কংগ্ৰেছৰ স্থান আছে ।

    ইয়াৰ ক্ষেত্ৰত এতিয়াও বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। শচীন পাইলটৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী অশোক গহলোটে উত্থাপন কৰা অভিযোগৰ পিছতেই কংগ্ৰেছী নেতা সুৰজেৱালে কয় যে শচীন পাইলট পুনৰ দললৈ ঘূৰি আহিব পাৰে আৰু কথা বতৰা পাতিব পাৰে ।
    অন্যহাতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী গহলোটে বিজেপিৰ ওপৰত বিধায়ক কিনাৰ অভিযোগ উত্থাপন কৰিছে । তেওঁ কয় যে শচীন পাইলটে ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰ ভংগ কৰাৰ ষড়যন্ত্ৰ কৰিছিল । এই সন্দৰ্ভত তেওঁৰ ওচৰত প্ৰমাণ থকা বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

    photo credit : time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং