পূব লডাখৰ গলৱানত চীনৰ সেনাৰ সৈতে হোৱা হিংসাত্মক আক্ৰমণত আমাৰ ২০ গৰাকী জোৱান শ্বহীদ হয়।
বুধবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰযোগে এই ঘটনা সন্দৰ্ভত সমবেদনা জ্ঞাপন কৰে।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই টুইটটোত চীনৰ নাম উল্লেখ নথকা বাবে যথেষ্ট আপত্তি দৰ্শাই আৰু তেওঁক টুইটাৰতে কেইবাটাও প্ৰশ্ন কৰে।
ৰাহুল গান্ধীয়ে ৰাজনাথ সিঙৰ টুইটটো টেগ কৰি ৫টা প্ৰশ্ন সুধি লিখিলে যে এয়া যথেষ্ট দুখজনক।
১. তেওঁ সুধিলে, ‘আপুনি আপোনাৰ টুইটত চীনৰ নাম উল্লেখ নকৰি ভাৰতীয় সেনাৰ কিয় অপমান কৰিছে?
২. সমবেদনা জনাবলৈ দুদিন কিয় লাগিল?
৩. ইয়াৰোপৰি ৰাহুল গান্ধীয়ে পুনৰ সুধিলে, ‘যেতিয়া জোৱানসকল শ্বহীদ হৈ আছিল সেই সময়ত আপুনি ৰেলী কিয় সম্বোধন কৰি আছিল?
৪. কিয় নিজে লুকাই গ’ল আৰু ক্ৰণী মিডিয়াক কিয় সেনাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিব দিয়া হ’ল?
৫. অন্তিমটো প্ৰশ্নত তেওঁ সুধিলে যে, ‘আচলতে কিয় মিডিয়াক ভাৰতীয় চৰকাৰৰ বিপৰীতে সেনাৰ ওপৰত দোষ জাপি দিয়াটো বিচাৰিলে?
ৰাহুল গান্ধীৰ টুইটৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰীয়ে টুইটাৰযোগে কৈছিল যে, গলৱানত জোৱান শ্বহীদ হোৱাটো যথেষ্ট অশান্তিকৰ আৰু দুখজনক।
আমাৰ জোৱানসকলে অদ্ভুত সাহসৰ পৰিচয় দিলে আৰু দেশৰ বাবে নিজৰ জীৱন বলিদান দিলে।
Photo credit: Times Of India