ৰাহুল গান্ধীৰ উদ্ধৃতি দি পাকিস্তানে ৰাষ্ট্ৰসংঘত ভাৰতৰ বিৰুদ্ধে আৱেদন দাখিলৰ পিছতে বোধোদয় হৈছে কংগ্ৰেছ নেতাগৰাকীৰ। পাকিস্তানে ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ বিৰুদ্ধে দাখিল কৰা আবেদনক কাশ্মীৰত অৰাজকতা চলা বুলি ৰাহুল গান্ধীৰ উদ্ধৃতি দি উল্লেখ কৰিছিল।
ইয়াৰ পিছতে ৰাহুল গান্ধী আৰু এআইচিচিৰ সম্বিত ঘূৰি আহিছে। প্ৰথমবাৰৰ বাবে চৰকাৰৰ সৈতে সুৰ মিলাবলৈ বাধ্য হৈ পৰিছে কংগ্ৰেছৰ যুৱৰাজ।

পাকিস্তানে ৰাষ্ট্ৰসংঘলৈ পত্ৰ প্ৰেৰণ কৰিলে যে ৰাহুল গান্ধীও মান্তি হৈছিল যে ‘কাশ্মীৰত মানুহৰ মৃত্যু হৈ আছে।’- পাকিস্তানৰ এই পদক্ষেপৰ পিছতে ৰাহুল গান্ধীয়ে বুধবাৰে টুইটাৰযোগে মন্তব্য কৰিলে যে- ‘বিভিন্ন বিষয়ত চৰকাৰৰ সৈতে মোৰ মত নিমিলে কিন্তু এই বিষয়ত মোৰ স্থিতি স্পষ্ট যে কাশ্মীৰ ভাৰতৰ আভ্যন্তৰীণ বিষয় আৰু ইয়াত পাকিস্তান বা অন্য কোনো দেশৰ তৰফৰ পৰা হস্তক্ষেপ কৰাৰ অধিকাৰ নাই।’
পাকিস্তানে ৰাহুল গান্ধীৰ নাম ব্যৱহাৰ কৰি ভাৰতৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ পিছতে বোধোদয় ঘটিছে কংগ্ৰেছ নেতাগৰাকীৰ। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ হৈ মুখপাত্ৰ ৰণদীপ সিং সূৰ্যেৱালাইও সকীয়াই দিছে ষডযন্ত্ৰমূলকভাৱে ৰাহুল গান্ধীৰ নাম ব্যৱহাৰ নকৰিবলৈ।

যোৱা সপ্তাহত বিৰোধী দলৰ নেতৃত্ব দি ৰাহুল গান্ধী শ্ৰীনগৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে তেওঁক প্ৰৱেশৰ অনুমতি নিদিয়াৰ বাবে কাশ্মীৰত অৰাজকতা চলাৰ অভিযোগ তুলিছিল। ৰাহুল গান্ধীৰ এই অভিযোগৰ পিছতে পাক সংবাদ মাধ্যম আৰু চৰকাৰে ৰাহুলৰ বক্তব্য প্ৰচাৰ কৰি ভাৰত চৰকাৰক শলঠেকত পেলাবলৈ চেষ্টা কৰিছিল।
Photo Credit: hindi.indiatvnews.com