গৃহভূমি এতিয়া অশান্ত, ঘৰলৈ উভতাই অনাৰ বাবে পক্ষপাতী নহয় অভিভাৱক। সেয়ে পঞ্জাৱ বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসম আৰু ত্ৰিপুৰাৰ শিক্ষাৰ্থীসকল থাকিব লগা হৈছে সেই ৰাজ্যতে। কিন্তু মাতৃভূমিৰ এই সমস্যাৰ সময়ত একেলগে থিয় হ’ব বিচাৰে সেইসকল শিক্ষাৰ্থী। এই ভাষ্য পঞ্জাৱ বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমৰ হৰলোক অধিকাৰীৰ।
নাগৰিকত্ব সংশোধনী আইন খনক লৈ দুয়োখন ৰাজ্যতে হৈ থকা প্ৰতিবাদৰ বাবে বৰ্তমানে বন্ধ হৈ পৰিছে বহু ৰে’ল সেৱা। যাৰ বাবে ৰে’লযোগে উভতিব পৰা নাই শিক্ষাৰ্থী আনহাতে ঘৰৰ পৰা টকা পঠিয়াব নোৱাৰাত টকাৰ অভাৱৰ বাবে বিমানযোগেও কাটিব পৰা নাই টিকট। সেয়ে পঞ্জাৱতে আৱদ্ধ হৈ আছে বহু শিক্ষাৰ্থী। কেৱল পঞ্জাৱতে নহয় অসমৰ আৰু ত্ৰিপুৰাৰ বহু শিক্ষাৰ্থী তথা কৰ্মৰত লোকসকলো ৰাজ্যত হৈ থকা প্ৰতিবাদৰ বাবে উভতিব পৰা নাই নিজ নিজ ঘৰলৈ।
উল্লেখ্য যে, পঞ্জাৱ বিশ্ববিদ্যালয়ত শীতকালীন বন্ধৰ সময়তো যি সকল ছাত্ৰ-ছাত্ৰী নিজ নিজ ঘৰলৈ উভতিব নোৱাৰে সেইসকলক থকা আৰু খোৱাৰ সম্পূৰ্ণ সুবিধা প্ৰদান কৰে। সেয়ে অসম আৰু ত্ৰিপুৰাৰ শিক্ষাৰ্থীসকলে এই সুবিধা লাভ কৰি বহু সহায়ক হৈছে।
Photo Credit: Punjab University facebook