মহাৰাষ্ট্ৰৰ পুণে আৰু জলগাঁৱত নেৰানেপেৰা বৰষুণ। পুণেত বৰষুণ আৰু অট্টালিকা খহি পৰাৰ ফলত ১২ গৰাকী লোকৰ মৃত্যু হয়। ইফালে জলগাঁৱত বজ্ৰ পৰি এটা পৰিয়ালৰ ৪ গৰাকী লোকসহ ৫ গৰাকী লোকৰ মৃত্যু হয়। বুধবাৰে পুণেত হোৱা মুষলধাৰ বৰষুণৰ পিছত পানীৰে ভৰি যোৱা এলেকাসমূহৰ পৰা প্ৰায় হাজাৰ লোকক সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰা হয়।

বতৰ বিজ্ঞান বিভাগে প্ৰৱল বৰষুণৰ এলাৰ্ট জাৰি কৰিছে। স্কুল-কলেজসমূহত বন্ধ ঘোষণা কৰা হৈছে। চহৰখনৰ কাত্ৰজ, বীবেবাড়ী, সিংগড় আৰু সহকাৰ এলেকাসমূহত পথৰ ওপৰেেৰ বৈছে পানী। কেইবাটাও অঞ্চলত বিদ্যুতৰ যোগাযোগো বিচ্ছিন্ন হৈছে।

দৰগাহত শুই থকা ৫ গৰাকী লোক উটি যায়
NDRFৰ দুটা দল পুণেত আৰু দুটা দল বাৰামতীত মোতায়েন কৰা হৈছে। পুণেৰ খড়ে-শিবপুৰ গাঁৱৰ দৰগাহত শুই থকা ৫ গৰাকী লোক পানীত উটি যায়।