22 C
Guwahati
Tuesday, October 26, 2021
More

    পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণঃ বোমা প্ৰস্তুত কৰিবলৈ ‘Amazon’ৰ পৰা অনা হৈছিল কেমিকেল

    NIA-এ শ্ৰীনগৰৰ বাগ-এ-মেহতাব এলেকাৰ বজীৰ-উল-ইছলাম(১৯) আৰু পুলৱামাৰ হকৰীপুৰা গাঁৱৰ মহম্মদ অব্বাছ ৰাঠেৰ(৩২)ক গ্ৰেপ্তাৰ কৰে।

    পুলৱামাত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত শুকুৰবাৰে NIA-এ আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত দুয়োজনৰ ভিতৰত এজনে IED প্ৰস্তুত কৰিবলৈ ৰাসায়নিক পদাৰ্থ অনলাইনযোগে ক্ৰয় কৰিছিল। বিগত বৰ্ষত দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত এই সন্ত্ৰাসবাদী আক্ৰমণত CRPFৰ ৪০জন জোৱান শ্বহীদ হৈছিল। ২০১৯ৰ ১৪ ফেব্ৰুৱাৰীত এটা আত্মঘাতী বোমা আক্ৰমণকাৰীয়ে বিস্ফোৰকভৰ্তি এখন গাড়ীৰে CRPFৰ কনভয়ত প্ৰচণ্ড জোৰত খুন্দা মাৰিছিল। ফলত ৪০জন জোৱান থিতাতে নিহত হৈছিল।

    NIA-এ শ্ৰীনগৰৰ বাগ-এ-মেহতাব এলেকাৰ বজীৰ-উল-ইছলাম(১৯) আৰু পুলৱামাৰ হকৰীপুৰা গাঁৱৰ মহম্মদ অব্বাছ ৰাঠেৰ(৩২)ক গ্ৰেপ্তাৰ কৰে। বৰ্তমানলৈ ঘটনা সন্দৰ্ভত ৫জন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে পিতৃ-কন্যা তথা আত্মঘাতী বোমা আক্ৰমণকাৰীৰ সম্বন্ধীয় লোকক ২টা অন্য অভিযানত গ্ৰেপ্তাৰ কৰিছিল।

    এজন বিষয়াই কোৱা অনুসৰি, ‘প্ৰাথমকি তদন্তত ইছলামে ৰহস্য ফাদিল কৰিলে যে জঈছ-ই-মহম্মদৰ পাকিস্তানী সন্ত্ৰাসবাদীৰ আদেশত ইছলামে IED প্ৰস্তুত কৰিবলৈ ৰাসায়নিক পদাৰ্থ, বেটাৰী তথা অন্য সামগ্ৰী ক্ৰয় কৰিবলৈ নিজৰ এমাজন অনলাইন শ্বপিং একাউণ্টৰ ব্যৱহাৰ কৰিছিল। পুলৱামা আক্ৰমণৰ ষড়যন্ত্ৰৰ আধাৰত ইছলামে এই সামগ্ৰীসমূহ অনলাইন অৰ্ডাৰ দি নিজে জঈছ সন্ত্ৰাসবাদীলৈ প্ৰেৰণ কৰিছিল।

    Photo credit: swarajyamag.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং