গোলাঘাট জিলাৰ চেলেঙীত পিঞ্জৰাবদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী। দীৰ্ঘদিন পশুধন ভক্ষণ কৰি বাঘটোৱে একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছিল অঞ্চলটোত।
দীৰ্ঘদিন ধৰি ত্ৰাস চলাই অহা বাঘটো অৱশেষত আবদ্ধ হ’ল বন বিভাগে পতা পিঞ্জৰাত। কিন্তু এতিয়াও আতংক দূৰ হোৱা নাই স্থানীয় ৰাইজৰ। কিয়নো অঞ্চলটোত আৰু বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।