30 C
Guwahati
Tuesday, September 27, 2022
More

    লখিমপুৰত ৰে’ল অৱৰোধ কাৰ্যসূচী, দূৰণিবটীয়া সকলো ৰে’ল কঠাল পুখুৰী ষ্টেচনত ৰখোৱাৰ দাবী

    অৱৰোধ স্থলীত ৰে'ল কৰ্তৃপক্ষৰ উপস্থিতিত ১৫ দিনৰ ভিতৰত ৰে'ল ৰখোৱাৰ আশ্বাস প্ৰদান কৰাত ৰে'ল অৱৰোধৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে

    লখিমপুৰৰ দ’লহাট কঠাল পুখুৰী ষ্টেচনত উত্তাল প্ৰতিবাদী কাৰ্য্যসূচী। প্ৰতিবাদকাৰীয়ে আৱদ্ধ কৰিলে উজনিমূৱা ডেকাৰগাঁও- মুৰ্কংচেলেক ইণ্টাৰচিটি ৰে’ল। প্ৰতিখন ৰে’ল কঠাল পুখুৰী ষ্টেচনত নৰখোৱাৰ বিৰুদ্ধে ২০ টাকৈ সংগঠনৰ যুটীয়া মঞ্চই ৰে’ল অৱৰোধ কাৰ্য্যসূচী ৰূপায়ন কৰে।

    পুৱা ৮ বজাৰ পৰা হাতত ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদকাৰীয়ে। তিনিচুকিয়া অভিমুখী প্ৰতিখন ৰে’ল ৰখাবলৈ দাবী জনাই পথ অৱৰোধকাৰীসকলে। অৱৰোধ কাৰ্যসূচীত ওলাই আহে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় হাজাৰ হাজাৰ ৰাইজ। প্ৰতিবাদকাৰীয়ে উত্তপ্ত কৰি তোলে কঠাল পুখুৰী ৰে’ল ষ্টেচন। প্ৰতিবাদস্থলীত আৰক্ষী-অৰ্ধসামৰি বাহিনীৰ লগতে ৰে’লৱে আৰক্ষীক মোতায়ন।

    দূৰণিবটীয়া সকলো ৰে’ল কঠাল পুখুৰী ষ্টেচনত নৰখোৱাৰ বাবে যাত্ৰীসকলৰ মাজত সৃষ্টি হয় সমস্যাৰ। দীৰ্ঘদিনীয়া এই সমস্যাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বুধবাৰে ৰে’ল অৱৰোধৰ কাৰ্যসূচীৰ জৰিয়তে বিভাগীয় বিষয়ালৈ আহ্বান জনায়।

    অৱৰোধ স্থলীত ৰে’ল কৰ্তৃপক্ষৰ উপস্থিতিত ১৫ দিনৰ ভিতৰত ৰে’ল ৰখোৱাৰ আশ্বাস প্ৰদান কৰাত ৰে’ল অৱৰোধৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে যদিও ১৫ দিনৰ ভিতৰত কাৰ্যকৰী নহ’লে পুণৰ আন্দোলনৰ কাৰ্যসূচী লোৱাৰ ভাবুকি প্ৰদান কৰিলে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং