23 C
Guwahati
Wednesday, October 27, 2021
More

    দিল্লীত প্ৰতিবাদৰ মাজতে কেইবাটাও অঞ্চলত ইণ্টাৰনেট-কলিং-SMS সুবিধা বন্ধ

    মোবাইল নেটৱৰ্ক কোম্পানী এয়াৰটেলে জনোৱা অনুসৰি চৰকাৰে তেওঁলোকক আদেশ দিছে যে দিল্লীৰ কিছুমান ক্ষেত্ৰত ভইচ, SMS, ইণ্টাৰনেটৰ সুবিধা বন্ধ কৰিব লাগে

    দেশজুৰি অব্যাহত আছে CAAৰ বিৰুদ্ধে প্ৰতিবাদ। বৃহস্পতিবাৰে পুনৰ দেশৰ কেইবাটাও অংশত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। লেফ্ট পাৰ্টীয়ে ভাৰত বন্ধৰ আহ্বান জনায়। তীব্ৰ প্ৰতিবাদৰ বাবে দেশৰ কেইবাটাও অঞ্চলত জাৰি কৰা হৈছে ১৪৪ ধাৰা। উত্তৰ প্ৰদেশ, কৰ্ণাটকৰ কেইবাটাও অংশত তীব্ৰ প্ৰতিবাদৰ সম্ভাৱনা।

    বসন্ত বিহাৰ, বাৰাখম্বা ৰোড, মণ্ডী হাউচ মেট্ৰ’ ষ্টেচনসমূহো বন্ধ কৰি দিয়া হৈছে। দিল্লীত বৰ্তমানলৈ ৩ ডৰ্জনতকৈ অধিক মেট্ৰ’ ষ্টেচন বন্ধ কৰি দিয়া হৈছে।

    দিল্লীত কংগ্ৰেছ নেতা সন্দীপ দিক্ষীত, ওমৰ খালিদসহ কেইবাগৰাকীও নেতাক লোৱা হৈছে জিম্মাত। আটাইকেইজনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰি আছিল প্ৰতিবাদ। ইয়াৰ পূৰ্বে বেংগালুৰুত ৰামচন্দ্ৰ গুহা, লালকিল্লাত যোগেন্দ্ৰ যাদৱকো জিম্মাত লোৱা হৈছিল।

    ৰাজধানী দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰতৰ হৈ উঠিছে প্ৰতিবাদ। বৰ্তমানলৈ ৰাজধানীত ১৭খন মেট্ৰ’ ষ্টেচন বন্ধ কৰি দিয়া হৈছে। মোবাইল নেটৱৰ্ক কোম্পানী এয়াৰটেলে জনোৱা অনুসৰি চৰকাৰে তেওঁলোকক আদেশ দিছে যে দিল্লীৰ কিছুমান ক্ষেত্ৰত ভইচ, SMS, ইণ্টাৰনেটৰ সুবিধা বন্ধ কৰিব লাগে।

    Photo credit: inc42.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং