30 C
Guwahati
Wednesday, October 5, 2022
More

    NRCত নাই লাখ লাখ লোকৰ নাম, ইয়াকৈ লৈ উত্তাল লখিমপুৰ

    ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে প্ৰতিবাদকাৰীয়ে। খিলঞ্জীয়া গোৰ্খাসকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাক লৈ ক্ষোভ

    ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত লাখ লাখ লোকৰ নাম নথকাক লৈ লখিমপুৰত গোৰ্খা ছাত্ৰ সন্থাই গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ ছাত্ৰ সংগঠনটোৰ। ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে প্ৰতিবাদকাৰীয়ে।

    খিলঞ্জীয়া গোৰ্খাসকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাক লৈ ক্ষোভ। লখিমপুৰ গোৰ্খা সন্মিলন, নেপালী সাহিত্য সভায়ো সহযোগ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত। প্ৰতিগৰাকী খিলঞ্জীয়া গোৰ্খা জনগোষ্ঠীয় লোকৰ নাম বিনাচৰ্তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্তিৰ দাবী, এন আৰ চিত বাদ পৰা এজনো গোৰ্খা লোক বিদেশী ন্যায়াধিকৰণলৈ নাযায় বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং