27 C
Guwahati
Wednesday, October 13, 2021
More

    কোকৰাঝাৰত নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকসহ আটক ৮

    কোকৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জীতেশ বৰ্মনে জিলাখনত ১৪৪ ধাৰা বলৱৎ হৈ পৰিপ্ৰেক্ষিতত আইন ভংগকাৰীৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰে

    ৰাজ্যজুৰি কেব বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি কোকৰাঝাৰতো নাথ যোগী ছাত্ৰ সন্থাই কেব গৃহীত কৰাৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াত আজি নাথ যোগী ছাত্ৰ সন্থাৰ এটি প্ৰতিবাদী দলে কেব গৃহীত কৰাৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি ব্যাপক চৰকাৰবিৰোধী শ্লোগান নিক্ষেপ কৰে।

    ১৪৪ ধাৰা বলৱৎ হৈ থকাৰ পিছতো নাথ যোগী ছাত্ৰ সন্থাৰ দলটোৱে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে বিজেপি চৰকাৰ মুৰ্দাবাদ, হুচিয়াৰ ধ্বনিৰে কোকৰাঝাৰ সদৰ চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে। পিছত আৰক্ষীয়ে নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথ, সাংগঠনিক সম্পাদক জিবুৰাম নাথ, কাৰ্যকাৰী সদস্য বকুল নাথ আদিকে ধৰি আঠগৰাকী ছাত্ৰ সন্থাৰ সদস্যক আটক কৰে।

    ইফানে নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথে কোনোপধ্যে কেব মানি লোৱা নহ’ব বুলি হংকাৰ দিয়ে আৰু বিজেপিৰ ফেচিষ্ট মানসিকতাক ধিক্কাৰ দিয়ে। আনহাতে কোকৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জীতেশ বৰ্মনে জিলাখনত ১৪৪ ধাৰা বলৱৎ হৈ পৰিপ্ৰেক্ষিতত আইন ভংগকাৰীৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং