28 C
Guwahati
Tuesday, October 4, 2022
More

    এগৰাকী অধ্যাপকে মহিলা সকলক দিলে এজনতকৈ অধিক স্বামী ৰখাৰ উপদেশ

    অধ্যাপকগৰাকীয়ে লগতে ইয়াকো কয় যে, তেওঁ অধিক স্বামী ৰখাটোক সমৰ্থন কৰা নাই, কেৱল উপদেশ হে দিছে লিংগৰ অসমানুপাতিকৰ বিকল্প হিচাপে

    অধ্যাপকৰ আজৱ উপদেশ, মহিলাসকলক ক’লে এজনতকৈ অধিক স্বামী ৰখাৰ বাবে। পিছে এনে এক অদ্ভুত উপদেশ দিলে ক’ত আৰু ক’ৰ এই অধ্যাপকগৰাকী।

    জানিবলৈ পোৱা মতে, এই আজৱ উপদেশ দিওঁতা অধ্যাপক গৰাকী চীনৰ। চীনৰ ছাংঘাইৰ ফুডান বিশ্ববিদ্যালয়ত এওঁ অধ্যাপনা কৰে।

    পিছে এওঁ এই অদ্ভুদ উপদেশ দিলে কিয়? চীনৰ বহু কালৰ এটা সন্তান ৰীতিক কিছু পৰিমাণে লাঘৱ কৰাৰ উদ্দেশ্যে এই উপদেশ বিশ্ববিদ্যালয় খনৰ অৰ্থনীতি বিভাগৰ অধ্যাপক য়ু কাং এনজিৰ।

    তেতিয়া এগৰাকী মহিলাই দুটা সন্তান জন্ম দিব পাৰিব।

    অধ্যাপক গৰাকীয়ে বিজনেছ ৱেবছাইটত লিখা এক লেখাত এই উপদেশটো আগবঢ়াই। লিখাটোৰ শীৰ্ষক “বাস্তৱত অধিক স্বামী ৰখাটো হাস্যকৰ নেকি?

    অধ্যাপকগৰাকীয়ে লগতে ইয়াকো কয় যে, তেওঁ অধিক স্বামী ৰখাটোক সমৰ্থন কৰা নাই, কেৱল উপদেশ হে দিছে লিংগৰ অসমানুপাতিকৰ বিকল্প হিচাপে।

    উল্লেখ্য যে চীনত ১৯৮০ চনৰ পৰাই এক সন্তান নীতি প্ৰচলন আছে। ২০১৬চ এই নীতিৰ ওপৰত কিছু ৰেহাই দিয়া হৈছিল।

    যি সমূহ জাতিৰ জনসংখ্যা কন সেই সমূহে এটাত কৈ অধিক সন্তান জন্ম দিব পাৰে।

    গাঁও অঞ্চলত থকা হান সম্প্ৰদায়ৰ লোকে এটাতকৈ অধিক সন্তান ৰাখিব পাৰে। বৰ্তমানে চীনত প্ৰতি ১১৭ ল’ৰাৰ বিপৰীতে ১০০ ছোৱালী আছে।

    Photo Credit: Telegraph India

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং