29 C
Guwahati
Saturday, October 23, 2021
More

    এটা কাম প্ৰিয়ংকাই কেতিয়াও নিকৰ সৈতে কৰিব নিবিচাৰে; কি এই কাম?

    মৰম-ভালপোৱা সহযোগিতাৰ ভেঁটিত নিক-প্ৰিয়ংকাৰ সংসাৰ ঠন ধৰি উঠিছে ৷ ইমানৰ পাছতো কিন্তু এনে এটা কাম আছে যিটো কাম প্ৰিয়ংকাই কেতিয়াও নিকৰ লগত কৰিব নিবিচাৰে ৷ নিকে যিমান জোৰ কৰিলেও সেই কামটো কৰিবলৈ সন্মত নহয় বুলি প্ৰিয়ংকাই স্পষ্টকৈ জনাই দিছে

    গ্ল’ৱেল আইকন প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাচৰ প্ৰেম সকলোৰে বাবে চৰ্চাৰ বিষয় ৷ জনপ্ৰিয় প্ৰেমিক চৰাই হালে এজনে আনজনক ইমানেই ভালপায় যে প্ৰতিটো কথাই শ্বেয়াৰ কৰে ৷ প্ৰতিটো কথাতে কৰে সমৰ্থন ৷ মৰম-ভালপোৱা সহযোগিতাৰ ভেঁটিত নিক-প্ৰিয়ংকাৰ সংসাৰ ঠন ধৰি উঠিছে ৷ ইমানৰ পাছতো কিন্তু এনে এটা কাম আছে যিটো কাম প্ৰিয়ংকাই কেতিয়াও নিকৰ লগত কৰিব নিবিচাৰে ৷ নিকে যিমান জোৰ কৰিলেও সেই কামটো কৰিবলৈ সন্মত নহয় বুলি প্ৰিয়ংকাই স্পষ্টকৈ জনাই দিছে ৷ কি এই কাম ! যাৰ বাবে প্ৰিয়ংকাই অতি মৰমৰ নিকৰ প্ৰস্তাৱকো নাকচ কৰিছে ৷

    Photo Credit: Koimoi

    সেয়া হ’ল প্ৰিয়ংকাই কেতিয়াও নিকৰ সৈতে প্ৰফেচ’নেলী গীত নাগায় ৷ নিক হৈছে আমেৰিকাৰ জনপ্ৰিয় গায়ক ৷ প্ৰিয়ংকাই প্ৰায়ে নিকৰ ছুপাৰ হিট গানসমূহ গুণগুণাই থকা বহুতেই শুনিবলৈ পাইছে তথাপিও কিন্তু তেওঁ স্বামীৰ সৈতে কেতিয়াও প্ৰফেচ’নেল গীত নোগোৱাৰ সিদ্ধান্ত লৈছে ৷ উল্লেখ্য যে প্ৰিয়ংকা চোপ্ৰা বলিষ্ঠ অভিনেত্ৰী হোৱাৰ লগতে এগৰাকী সু-গায়িকা ৷ প্ৰিয়ংকাই কয় নিক’ৰ গান মই বহুত ভালপাওঁ কিন্তু তেওঁ যিটো ফিল্ডত কাম কৰি আছে তাত মোৰ অলপো জ্ঞান নাই ৷ সেয়ে মোৰ সাহস নাই নিকৰ সৈতে গীত গাবলৈ ৷ আগতে এলাৰ্ম ক্লকৰ শব্দত সাৰ পোৱা প্ৰিয়ংকাই আজিকালি সাৰ পায় নিকে পিয়ানো বজাই গাই থকা গানৰ শব্দত ৷ এনেদৰেই নিকে প্ৰিয়ংকাক টোপনিৰ পৰা জগাই ভালপায় ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং