কৰ’ণা ভাইৰাছ সৃষ্ট পৰিৱেশক লৈ আদালতৰ নিৰ্দেশক্ৰমে কাৰাগাৰৰ পৰা কয়দী মুকলি। বৰপেটা জিলা কাৰগাৰৰ পৰা ১৫ জন কয়দীক মুক্তি৷ বিশ্বত্ৰাস কৰ’ণাৰ বাবে আদালতৰ নিৰ্দেশ মৰ্মে বৰপেটা জিলা কাৰগাৰৰ পৰা ১৫ জন বিচৰাধীন কয়দীক মুকলি কৰি দিয়া হৈছে৷
লগতে কাৰগাৰখনত থকা ৩০২জন কয়দীৰ স্ক্ৰীণিং টেষ্ট কৰা হৈছে৷ তদুপৰি সতৰ্কতামূলক ব্যৱস্থা হিচাবে কৰাগাৰ চৌহদ বৰপেটা পৌৰ সভা আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত ছেনিটাইজ কৰা হৈছে বুলি জনাইছে জিলা কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰে৷
Photo: Time8