হোজাইৰ নীলবাগান আৰক্ষী চকীৰ লকাপৰ পৰা দুৰ্ধৰ্ষ অপৰাধীৰ পলায়নক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। ৰাইজে ধৰি দিয়া ডকাইত আৰক্ষীৰ গাফিলতিৰ বাবে আৰক্ষী পহৰা চকীৰ লকাপৰ পৰা হেণ্ডকাফ খুলি পলায়ন কৰে।
কয়দীৰ পলায়নৰ পিছতে আৰক্ষী পহৰা চকীৰ চৌহদ ঘেৰাও কৰি আৰক্ষী মুৰ্দাবাদ ধ্বনি স্থানীয় লোকৰ। মঙলবাৰে নিশা ৰাইজে ডকাইটোক আটক কৰি আৰক্ষীক গতাই দিছিল। আৰক্ষীয়ে ধন লৈ ডকাইতটোক এৰি দিয়াৰ অভিযোগ একাংশৰ।
ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী। পলায়ন কৰা ডকাইতটোৰ নাম তাজ উদ্দিন। ঘটনাটোক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।