আৰক্ষীক চকুত ধূলি দি কয়দীৰ পলায়ন। গোৱালপাৰাৰ জে’লৰ পৰা গুৱাহাটীৰ GMCHত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ আহিছিল ৫ কয়দীক। কয়দীক গাড়ীত বহাই চাহ খাবলৈ নামিছিল আৰক্ষী। সেই সময়তে কয়দীয়ে সুযোগ বুজি গাড়ীৰ আইনা ভাঙি পলাই যায়।
পলায়ন কৰা কয়দীটোৰ নাম লোহিত চাংমা। পলাতক কয়দীটোৰ সন্ধানত আৰক্ষীয়ে চলাইছে অভিযান। ধনুভাঙাৰ দেওশীলা দৈনিক বজাৰৰ পৰা পলায়ন কয়দীটোৰ।