দেশত কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে, যাৰ বাবে এইটো চিন্তাৰ বিষয় হৈ পৰিছে। কৰ’ণা ভাইৰাছৰ পজিটিভ কেছৰ সংখ্যাই ২০০০ৰ ঘৰ অতিক্ৰম কৰিছে, যাৰ বাবে এইপৰ্যন্ত ৬৫ গৰাকী লোকে মৃত্যুক সাৱটিছে। ইফালে, শুকুৰবাৰে পুৱা ৯ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক বিশেষ বাৰ্তা প্ৰেৰণ কৰিব। তেওঁ টুইটাৰযোগে ক’লে যে তেওঁ এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিব।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ক’লে যে দিল্লীত কৰ’ণা ভাইৰাছত ২১৯জন লোক আক্ৰান্ত হৈছে। ৪জন লোকে প্ৰাণ হেৰুৱাইছে। ২১৯জনৰ ভিতৰত ১০৮জন লোক তবলিগী জমাতৰ সৈতে জড়িত।
মোদী চৰকাৰে কৰ’ণা ভাইৰাছ বিয়পোৱাত বাধা প্ৰদান কৰিবলৈ দেশজুৰি লকডাউন কৰিছে। ইয়াৰ বাবে সকলো লোক এতিয়া গৃহবন্দী হৈ পৰিছে আৰু ৰাজপথসমূহ খালী হৈ পৰিছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টুইট কৰিল, টুইটোত তেওঁ লিখিলে যে, ‘কাইলৈ পুৱা ৯ বজাত দেশবাসীৰ সৈতে এটা ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰিম।’
Photo credit: livemint.com