জম্মু-কাশ্মীৰৰ LoCত জোৱানৰ সৈতে দীপাৱলী উদযাপনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় ৰাজৌৰীত। পূৰ্বেও প্ৰধানমন্ত্ৰী মোদীয়ে পঞ্জাৱ বৰ্ডাৰ, ছিয়াচিন গ্লেছিয়াৰ আৰু উত্তৰাখণ্ডৰ ভাৰত-চীন সীমান্তত জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিছিল।
২০১৪ত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰলৈ কাশ্মীৰত জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰিছিল। ২০১৪ত তেওঁ ছিয়াচিনত জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিছিল। ২০১৫ত দীপাৱলী উদযাপনৰ বাবে গৈছিল পঞ্জাৱ বৰ্ডাৰ। ২০১৬ত দীপাৱলী উদযাপন কৰিছিল হিমাচল প্ৰদেশৰ চীন সীমান্তৰ সমীপৰ ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী(আইটিবিপি)ৰ জোৱানৰ সৈতে।
২০১৭ত নৰেন্দ্ৰ মোদীয়ে চতুৰ্থটো দীপাৱলী উদযাপন কৰে জম্মু-কাশ্মীৰৰ গুৰেজ ছেক্টৰৰ জোৱানসকলৰ সৈতে। বিগত বছৰত দীপাৱলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰ্শন কৰিবলৈ গৈছিল উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰ।