বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতি ভয়াৱহ দিশে লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই। ‘বেংকত লোন লোৱা লোকৰ সংখ্যা যথেষ্ট কমিছে, বিজেপি চৰকাৰৰ নতুন পৰিকল্পনাত বিনিয়োগ ক্ষেত্ৰখনো স্থৱিৰ, চাৰিচকীয়া, দুচকীয়া আৰু টেক্টৰৰ বিক্ৰী হ্ৰাস পোৱাটো গুৰুত্বপূৰ্ণ কথা।’- সংবাদমেলত এই মন্তব্য ৰিপুন বৰাৰ।
BSNL, POSTAL আৰু LIC সকলোবোৰ লোকচানত চলি আছে, Automobile sector ক্ষেত্ৰটো একেই দুৰৱস্থা, আগন্তুক ২টা মাহত ৭ লাখ যুৱক-যুৱতীয়ে চাকৰি হেৰুৱাব। বিগত ৩ মাহত গুৱাহাটীৰ ৰাজপথত দেখিবলৈ পোৱা নাই নতুন বিলাসী গাড়ী চলাচল কৰা। মূল বিষয়সমূহৰ পৰা সৰ্বসাধাৰণক আঁতৰাই ৰাখিবৰ বাবে মোডীয়ে অব্যাহত ৰাখিছে কূটিল ৰাজনীতি।’- বিজেপিক সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীৰ।
‘৭ শতাংশ ছেভিং কমিছে আমাৰ দেশৰ অৰ্থনীতিত, সোণোৱালে কৈছিল বাঘৰ দৰে হ’ব লাগিব সকলো সাংবাদিক কিন্তু সেই সোণোৱালে বিভিন্ন সাংবাদিকক ফেচিবাদী চিন্তা ধাৰাৰে আক্ৰমণ কৰিছে। কাৰণ তেওঁলোকৰ দিনত হোৱা ছিণ্ডিকেট পোহৰলৈ আনিছে সেয়া পোহৰলৈ অনাৰ বাবেই চতুৰ্থ স্তম্ভৰ ওপৰত জঁপিয়াই পৰা পৰিলক্ষিত হৈছে।’- সংবাদমেলত মন্তব্য ৰিপুন বৰাৰ।
‘বিজেপিলৈ যোৱা ৪ গৰাকী নেতাৰ সমষ্টিত গৈ ৰেলি কৰিব প্ৰদেশ কংগ্ৰেছে। ৰাইজক দেখুৱাব এই চাৰি নেতাহে বিজেপিলৈ গৈছে, আন কংগ্ৰেছ কৰ্মী যে এতিয়াও দলতে আছে সেয়া দেখুৱাই দিব, শীঘ্ৰে চাৰিটা সমষ্টিত ৰেলী কৰিব প্ৰদেশ কংগ্ৰেছে।’- এই ঘোষণা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীৰ।