33 C
Guwahati
Wednesday, September 28, 2022
More

    মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ দু্ৰ্ঘটনাঃ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীৰ মন্তব্য…

    অৱতৰণৰ সময়তে শূণ্যতে ৩ পাক খাইছিল হেলিকপ্টাৰখন

    বিশ্বনাথ চাৰিআলিৰ পৰাই মেঘৰ মাজত সোমাই গৈছিল হেলিকপ্টাৰখন। একো নেদেখা হৈ গৈছিল। অসমবাসী ৰাইজৰ আৰ্শীবাদত আৰু পাইলটৰ বিচক্ষণতাৰ বাবে কথমপি প্ৰাণৰক্ষা পৰিল সকলোৰে। মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ দু্ৰ্ঘটনা সন্দৰ্ভত মন্তব্য প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীৰ।

    প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীৰ মন্তব্য

    উল্লেখ্য যে, মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে সোমবাৰে প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী আৰু তেওঁৰ PSO তুহিন হাজৰিকা পৱনহংসৰ হেলিকপ্টাৰেৰে গুৱাহাটীৰ পৰা লখিমপুৰলৈ গৈছিল। অৱতৰণৰ সময়তে শূণ্যতে ৩ পাক খাইছিল হেলিকপ্টাৰখন।

    প্ৰায় তিনি হাজাৰ ফুট উচ্চতাত বেয়া বতৰৰ বাবে পাইলটে একো নেদেখা পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু পাইলটে বিচক্ষণতাৰে লীলাবাৰী বিমানবন্দৰত জৰুৰী অৱতৰণ কৰোৱাছিল হেলিকপ্টাৰখন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং