27 C
Guwahati
Thursday, October 14, 2021
More

    নিৰ্ভয়া কাণ্ডঃ ৰাষ্ট্ৰপতিয়ে খাৰিজ কৰিলে দোষী পৱন গুপ্তাৰ দয়া আৱেদন

    কাইলৈ পুৱা ৬ বজাত নিৰ্ভয়াৰ দোষীৰ ফাঁচী হোৱাৰ সম্ভাৱনা

    নিৰ্ভয়া দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দোষী পৱন গুপ্তাৰ দয়া আৱেদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে খাৰিজ কৰিলে। পূৰ্বে পৱন গুপ্তাৰ কিউৰেটিভ পিটিচন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে। কাইলৈ পুৱা ৬ বজাত নিৰ্ভয়াৰ দোষীৰ ফাঁচী হোৱাৰ সম্ভাৱনা।

    ফাঁচীকাঠত ওলমাৰ পৰা এতিয়া বাচিব নোৱাৰিব নিৰ্ভয়াৰ দোষী। উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত দোষী অক্ষয় আৰু পৱনৰ ফালৰ পৰা জনোৱা আৱেদনো পাটিয়ালা হাউছ কৰ্টে খাৰিজ কৰিলে।

    নিৰ্ভয়া কাণ্ডৰ মৃত্যুৰ শাস্তি পোৱা ৪ দোষীৰ ভিতৰত এটাই সোমবাৰে ৰাষ্ট্ৰপতিৰ ওচৰত দয়া আৱেদন জনাইছিল। নিৰ্ভয়াৰ দোষীকেইটাৰ ভিতৰত দোষী পৱন গুপ্তাই একমাত্ৰ দোষী আছিল যিয়ে এতিয়ালৈ দয়া আৱেদন প্ৰেৰণ কৰা নাছিল।

    Photo credit: Times Of India

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং