28 C
Guwahati
Saturday, November 26, 2022
More

    কৰ্তন হ’ব ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু সাংসদৰ দৰমহা, জানো আহক চৰকাৰৰ কিমান টকা সংৰক্ষিত হ’ব

    বুধবাৰে কেবিনেট বৈঠকৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে ক'লে যে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালেও নিজৰ দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

    ভাৰতত কৰ’ণা ভাইৰাছৰ প্ৰকোপ দিনক দিনে বৃদ্ধি হৈ গৈ আছে। এই ভাইৰাছৰ সৈতে যুঁজ দিবলৈ আৰ্থিক সহায়ৰ যথেষ্ট প্ৰয়োজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সহায়ৰ আহ্বান জনাইছে ৰাইজক, ইফালে কেন্দ্ৰ চৰকাৰে এই সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি ঘোষণা কৰিছে যে প্ৰতিগৰাকী সাংসদৰ এবছৰৰ দৰমহাৰ ৩০ শতাংশ কৰ্তন কৰা হ’ব। ইয়াৰোপৰি সাংসদ নিধিও ২ বছৰৰ কাৰণে স্থগিত কৰা হৈছে। চৰকাৰৰ এই সিদ্ধান্তৰ পৰা মুঠ কিমান ৰেহাই হ’ব।

    বুধবাৰে কেবিনেট বৈঠকৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে ক’লে যে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালেও নিজৰ দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীসহ প্ৰতিগৰাকী সাংসদৰ দৰমহাৰ ৩০ শতাংশ কৰ্তন কৰা হ’ব, ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য কেন্দ্ৰৰ এই নিয়ম আৰু পৰৱৰ্তী বৰ্ষৰ মাৰ্চলৈ জাৰি থাকিব।

    সংসদৰ দুয়োখন সদনৰ ৭৯০ গৰাকী সাংসদৰ দৰমহাৰ পৰা ৩০ শতাংশ কৰ্তন কৰা হ’ব। সাংসদসকলৰ দৰমহা ১ লাখ টকাৰ পৰা ৩০ হাজাৰ টকা কৰ্তন কৰি দিয়া হ’ব আৰু এইধৰণে প্ৰতিটো মাহত ২ কোটি ৩৭ লাখ টকা সংৰক্ষিত হ’ব।

    Photo credit: reuters.com

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং