22 C
Guwahati
Monday, January 24, 2022
More

    সুখবৰ! এতিয়াৰে পৰা কম খৰচত উপলৱ্ধ হ’ব বিমানবন্দৰ Taxi Service

    এই সেৱাই উত্তৰ-পূৰ্বাঞ্চলৰ ৬০খন স্থান সাঙুৰি ল'ব। এই সেৱাৰ নুন্যতম ভাড়া হ'ব ২০০ টকা

    যাত্ৰী সকলোৰ বাবে সুখবৰ ! এতিয়াৰে পৰা অতি কম কৰছত উপলদ্ধ হ’ল বিমানবন্দৰ Taxi Service । অতি ক’ম খৰছত বিমানবন্দৰৰ পৰা অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ যাব পাৰিব আপুনি ।

    যাত্ৰীসকলৰ বাবে সুখবৰ। এতিয়াৰে পৰা কম খৰচতে আপুনি যাব পাৰিব উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানলৈ। অসম আৰক্ষী আয়ুক্ত আৰু Airport Authority-এ মুকলি কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো Pre Paid Taxi Service । বৰঝাৰ বিমানবন্দৰৰ পৰা উপলদ্ধ হ’ব এই সেৱা। আজি বৰঝাৰ বিমানবন্দৰত আনুষ্ঠানিকভাৱে এই সেৱা মুকলি কৰিলে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, Airport Authorityৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ জিন্দাল, বৰঝাৰ বিমানবন্দৰৰ পৰিচালক ৰমেশ কুমাৰ, ACP প্ৰাঞ্জল বৰাকে ধৰি আৰক্ষী আৰু Airport Authority Of Indiaৰ বহুতো উচ্চ পদস্থ বিষয়াসকলে।

    এই সেৱাই উত্তৰ-পূৰ্বাঞ্চলৰ ৬০খন স্থান সাঙুৰি ল’ব। এই সেৱাৰ নুন্যতম ভাড়া হ’ব ২০০ টকা। ভূটান ৪৫০০, চেৰাপুঞ্জী ৩০০০, ডাউকি ৫০০০, শ্বিলং ২০০০, ইটানগৰ ৭০০০, টুৰা ৩৫০০, বৰপেটা ২৬০০, বিশ্বনাথ চাৰিআলি ৪০০০, বঙাইগাঁও ৩০০০, ধুবুৰী ৪৫০০, গোলাঘাট ৫০০০, যোৰহাট ৫০০০ আৰু কাজিৰঙা ৩৫০০ আদিকে ধৰি বহুকেইখন স্থানলৈ বিমানবন্দৰৰ পৰা যাত্ৰা কৰিব পাৰিব যাত্ৰীয়ে।

    অসম আৰক্ষী আয়ুক্ত আৰু Airport Authority বিমানবন্দৰৰ পৰা অতি কম খৰছত উপলদ্ধ কৰোৱা এই সেৱাৰ ফলত লাভৱান হ’ব অসম তথা উত্তৰ-পূৰ্বাঞ্চলত আহিবলগীয়া যাত্ৰীসকল। পূৰ্বে বিমানবন্দৰৰ পৰা যোৱা টেক্সি চালকে যাত্ৰীৰ পৰা অত্যাধিক ভাড়া গ্ৰহণ কৰিছিল সেয়ে এতিয়াৰে সকাহ পাব সকলো যাত্ৰীয়ে। এই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰি এই সেৱাৰ কথা জনালে Airport Authority বিষয়াসকলে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং