12.5 C
Guwahati
Saturday, January 29, 2022
More

    লোমহৰ্ষক! ৰূপহীহাটৰ জুৰীয়াত ডিঙি কাটি হত্যা গৰ্ভৱতী মহিলাক

    ঘটনাস্থলীত জুৰীয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে

    লকডাউনৰ মাজতে ৰূপহীহাটৰ জুৰীয়াত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। মঙলবাৰে নিশা জুৰীয়াৰ লাঠিমাৰী চৰত এগৰাকী গৰ্ভৱতী মহিলাক দুৰ্বৃত্ত‌ই চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে। ৰমিচা খাতুন নামৰ মহিলা গৰাকীয়ে নিশা চেহেৰীৰ খাদ্য তৈয়াৰৰ বাবে ৰান্ধনী শালত ব্যস্ত থকা সময়তেই দুৰ্বৃত্ত‌ই প্ৰৱেশ কৰি মহিলাগৰাকীৰ ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

    দুৰ্বৃত্তই আক্ৰমণ কৰাৰ সময়ত মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত শুই থকা স্বামী ৰফিকুল ইছলাম পত্নীৰ ওচৰলৈ ঢপলিয়াই যায় যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মহিলাগৰাকীৰ কিছু সময়ৰ পিছতেই মৃত্যু হয়।

    এটি দুবছৰীয়া সন্তানৰ মাতৃ ৰমিচা খাতুনক কি কাৰণত নৃশংসভাৱে হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। ঘটনাস্থলীত জুৰীয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

    Photo credit: deccanherald.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং