15 C
Guwahati
Tuesday, January 25, 2022
More

    কৰ’ণাৰ লক্ষণ থকা গৰ্ভৱতী মহিলাক ৮খনকৈ হাস্পতালে নকৰালে ভৰ্তি, এম্বুলেঞ্চতে মৃত্যু

    অতি কৰুণভাৱে হাস্পতালে হাস্পতালে দৌৰি থাকোতেই ৰাজপথতেই এম্বুলেঞ্চলত মৃত্যুক সাৱতি লয় গৰ্ভৱতী মহিলাগৰকীয়ে

    মানৱতা হেৰুৱাই পেলাইছে মানুহে। কেৱল অমাত জীৱৰ ওপৰতে নহয়, মানুহেই মানুহৰ বিৰুদ্ধে এতিয়া অত্যাচাৰী হৈ পৰিছে।

    এগৰাকী ৮ মাহৰ অন্তঃসত্বা মহিলাক কভিডৰ লক্ষণ দেখা দিয়াৰ বাবেই ভৰ্তি নকৰালে ৮ খনকৈ হাস্পতালে।

    উন্নত চিকিৎসাৰ দোহাই দি প্ৰতিখন হাস্পতালেই ভৰ্তি কৰোৱাৰ পৰা বিৰত থাকে মহিলাগৰাকীক।

    যাৰ বাবেই অতি কৰুণভাৱে হাস্পতালে হাস্পতালে দৌৰি থাকোতেই ৰাজপথতেই এম্বুলেঞ্চলত মৃত্যুক সাৱতি লয় মহিলাগৰকীয়ে।

    এই অতি মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ নয়দা চহৰত।

    এগৰাকী ৩০ বৰ্ষীয় গৰ্ভৱতী মহিলাক জৰুৰীকালীন ভাৱে হাস্পতাললৈ নিয়া হৈছিল। কিন্তু মহিলাগৰাকীৰ শৰীৰত কিছু কৰ’ণা মহামাৰীৰ লক্ষণে দেখা দিয়াত মুঠ ৮খনকৈ হাস্পতালে ভৰ্তি কৰোৱাবলৈ অমান্তি হয়।

    কৰ’ণা যুঁজ দিয়া হাস্পতাল নহয় কাৰণেই অন্য ৰোগী সকলৰ সুৰক্ষাৰ বাবে এই কাণ্ড কৰে কেউখন হাস্পতালে।

    যাৰ বাবে শেষত ৰাজপথৰ ওপৰতেই এম্বুলেঞ্চলত প্ৰাণ ত্যাগ কৰি গৰ্ভৱতী মহিলাগৰাকীয়ে।

    Photo Credit: Magzter

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং