জুবিন গাৰ্গ অসুস্থ। খবৰটোৱে প্ৰতিজন জুবিনপ্ৰেমীকে দি গ’ল মৰ্মান্তিক আঘাত। শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ টাউন ক্লাৱত এক অনুষ্ঠানত উপস্থিত থকাৰ সময়তে জুবিন গাৰ্গ আকস্মিকভাৱে অসুস্থ হৈ পৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যকে কোবাই গ’ল দুখৰ বতাহে। প্ৰিয় শিল্পীগৰাকীক অতি সোনকালে সুস্থ ৰূপত ঘূৰাই পাবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে চলিছে পূজা-অৰ্চনা তথা নাম প্ৰসংগ।

জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰি নামফাকে বৌদ্ধ বিহাৰতো পূজা অৰ্চনা কৰা হৈছে। মৰমৰ শিল্পীগৰাকী সোনকালে আৰোগ্য লাভ কৰি পুনৰ সংগীত জগতলৈ ঘুৰি অহাৰ বাবে ভগৱান বুদ্ধৰ ওচৰত সেৱা জনায় বৌদ্ধ সমাজে।
উল্লেখ্য যে ক্ৰমাৎ সুস্থ অৱস্থালৈ আহিছে জুবিন গাৰ্গ। গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত ১২ জনতকৈও অধিক বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলি আছে শিল্পীগৰাকীৰ। জুবিন গাৰ্গক এতিয়া পৰ্যাপ্ত বিশ্ৰামৰ প্ৰয়োজন বুলি চিকিৎসকে সদৰী কৰিছে। কেইদিনমান শিল্পীগৰাকীৰ মোবাইল ফোনতো ফোন-মেছেজ নকৰিবলৈ অনুৰোধ জনাইছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।
Photo & Video: Time8