বিশ্ববিদ্যালয়খনৰ জৈৱ-প্ৰযুক্তি বিভাগৰ অধ্যাপক ড০ প্ৰতাপজ্যোতি সন্দিকৈক নিযুক্তি দিয়া হৈছে। ৰাজভৱনৰ পৰা নিযুক্তি দিয়া হয় অধ্যাপকগৰাকীক।
৫ বছৰীয়া কাৰ্যকালৰ বাবে নিযুক্তি দিয়া উপাচাৰ্যগৰাকীক ২১ আগষ্ট দায়িত্ব অৰ্পণ কৰা হ’ব বুলি জনায় বৰ্তমানৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই। বৰ্তমানৰ উপাচাৰ্য হাজৰিকাৰ কাৰ্যকাল বিগত বছৰতে উকলিছিল।
গুৱাহাটী বিশ্ববিদ্যালয়তে উচ্চশিক্ষা গ্ৰহণ কৰিছিল প্ৰতাপজ্যোতি সন্দিকৈয়ে। ম’লিকুলাৰ বায়’টেকন’লজী বিষয়ত ইংলেণ্ডৰ লেইচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা গৱেষণা কৰিছিল ড০ সন্দিকৈয়ে।