23.4 C
Guwahati
Wednesday, October 20, 2021
More

    NSG নিৰাপত্তা কৰ্তনৰ পিছতে প্ৰফুল্ল কুমাৰ মহন্তৰ ক্ষোভ প্ৰকাশ

    মহন্তৰ দাবি বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু অগপৰ নেতৃত্বৰ হেচাঁৰ বাবেই এই সিদ্ধান্ত কেন্দ্ৰৰ

    প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ z+ নিৰাপত্তা কৰ্তনৰ পিছত মহন্তৰ কাষত এতিয়া চিআৰপিএফৰ জোৱান। তাকেই লৈ এক সংবাদমেল পাতি ক্ষোভ উজাৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। এনএছজি নিৰাপত্তা কৰ্তনক লৈ মহন্তৰ ক্ষোভ। চৰকাৰৰ জনবিৰোধী কাম কাজৰ বিৰোধীতা কৰাৰ বাবেই তেওঁৰ এনএছজি নিৰাপত্তা কৰ্তন কৰা বুলি সংবাদমেলযোগে কয় মহন্তই।

    নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু আইনৰ বিৰোধীতা কৰাৰ বাবেই নিৰাপত্তা কৰ্তন কৰা হোৱা বুলি দাবি প্ৰাক্তন মন্ত্ৰীগৰাকীৰ। চৰকাৰৰ নিৰাপত্তা তেওঁক দৰকাৰ নাই, অসমৰ ৰাইজে নিৰাপত্তা দিব বুলিও কয় মহন্তই। সংবাদমেলত মহন্তই তেওঁৰ নিৰাপত্তা কৰ্তনত ইনচাৰজেন্সীৰ হাত থকা বুলি কয়।

    লগতে ইয়াকো কয় যে, প্ৰাক্তন মুখ্যমন্ত্ৰী ৰূপে পাবলগীয়া সকলো সুবিধাও যদি কৰ্তন কৰে তেওঁৰ তাতো কোনো আপত্তি নাই। কিন্তু তেওঁ সকলো সময়তে থিয় হৈ থাকিব অসমৰ জনতাৰ লগত আৰু বিৰোধীতা কৰি যাব জাতিধ্বংসী বিধেয়কখনৰ। মুঠৰ ওপৰত চৰকাৰৰ কোনো উপঢৌকন লবলৈ সাজু নহয় তেওঁ। বৰ্তমানৰ অগপ নেতা সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ক্ষমতাৰ পাবৰ বাবে এতিয়া সকলো বলীয়ান। অসমৰ কথা পাহৰি গৈছে সকলোৱে। সেয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু অগপৰ নেতৃত্বৰ হেচাঁৰ বাবেই তেওঁৰ পৰা এইদৰে নিৰাপত্তা কৰ্তন হৈছে বুলি কয়।

    Photo Credit: @jyotishpawanbordoloi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং