28 C
Guwahati
Thursday, September 22, 2022
More

    ‘শিলে সাৰ পালে’ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ প্ৰদ্যুত বৰদলৈৰ

    ভাৰতৰ অৰ্থনীতি যে বিজেপি চৰকাৰৰ শাসনত ভাঙি গৈছে সেয়া সমগ্ৰ বিশ্বই জানে৷ মুখ্যমন্ত্ৰীয়ে সেয়া ঢাকিব খুজিছে। সংবাদমেলত এই মন্তব্য APCCৰ উপ-সভাপতি তথা সাংসদ প্ৰদ্যুত বৰদলৈৰ

    কৰ্পৰেট টেক্স হ্ৰাসক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদমেলত কোৱা মন্তব্যক সমালোচনা প্ৰদ্যুত বৰদলৈৰ। ‘শিলে সাৰ পালে’ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ প্ৰদ্যুত বৰদলৈৰ।

    সাধাৰণ ৰাইজ কি দৰে উপকৃত হৈছে মুখ্যমন্ত্ৰীয়ে বুজাই ক’লে ভাল আছিল। ভাৰতৰ অৰ্থনীতি যে বিজেপি চৰকাৰৰ শাসনত ভাঙি গৈছে সেয়া সমগ্ৰ বিশ্বই জানে৷ মুখ্যমন্ত্ৰীয়ে সেয়া ঢাকিব খুজিছে। সংবাদমেলত এই মন্তব্য APCCৰ উপ-সভাপতি তথা সাংসদ প্ৰদ্যুত বৰদলৈৰ।

    দেশৰ অৰ্থনীতি ভাঙি গৈছে৷ মুখ্যমন্ত্ৰীয়ে নিজৰ পিঠিতে চপৰিয়া বাহ লৈছে অযথা। অসমৰ ৰাইজৰ কি উপকাৰ হ’ব মুখ্যমন্ত্ৰীয়ে বুজাই ক’লে ভাল আছিল৷ কৰ্পৰেট টেক্স হ্ৰাসত পুঁজিপতিৰহে লাভ হ’ব৷ সৰ্বসাধাৰণৰ কোনোধৰণে উপকৃত নহয়৷ এই মন্তব্য বৰদলৈৰ।

    কিমান কোম্পানীয়ে অসমত বিনিয়োগ কৰিলে, চৰকাৰে ৰাজহুৱা কৰক, বন্ধ হোৱা উদ্যোগৰ খবৰ ৰাখিছেনে মুখ্যমন্ত্ৰীয়ে।- এই বুলি প্ৰশ্ন উত্থাপন প্ৰদ্যুত বৰদলৈৰ। Advantage Assamৰ জৰিয়তে কিমান উপকৃত হ’ল। উদ্যোগ মন্ত্ৰীয়ে মিছা কথাই কয়। আগৰে পৰা বিনিয়োগ কৰা কোম্পানীৰ নামকে দেখাই বাহ বাহ লৈছে এইখন চৰকাৰে৷ অসমৰ উদ্যোগৰ এই অৱস্থাত আমি শংকিত।’- বিজেপিক তীব্ৰ সমালোচনা প্ৰদ্যুত বৰদলৈৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং