ভূমি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন জিলা উপায়ুক্ত প্ৰদীপ কুমাৰ তালুকদাৰক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ । ২১ আগষ্টত পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব তালুকদাৰক।

দেওবাৰে বেলতলা ছাৰ্ভেৰ পৰা গ্ৰেপ্তাৰ কৰিছিল কৰিমগঞ্জৰ প্ৰাক্তন উপায়ুক্তগৰাকীক। বন্দৰৰ ভূমি আত্মসাত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল তালুকদাৰক। বহু ভূমি কেলেংকাৰীতো জড়িত থকাৰ অভিযোগ প্ৰাক্তন উপায়ুক্তজনৰ বিৰুদ্ধে।
সূতাৰকান্দি সমন্বিত চেকগে’টত ভূমি কেলেংকাৰীৰ সৈতে জড়িতৰ অভিযোগ ACS বিষয়াজনৰ বিৰুদ্ধে। অবৈধভাৱে ভূমি আবণ্টন কৰাৰ গুৰুতৰ অভিযোগ। লেণ্ড প’ৰ্ট অথৰিটী অৱ ইণ্ডিয়াই নিৰ্মাণ কৰিছিল এই চেকগে’ট।
৯ জুলাইত ৰাজ্য চৰকাৰে নিলম্বন কৰিছিল তালুকদাৰক। নিলম্বনৰ সময়ত সমবায় বিভাগত কৰ্মৰত হৈ আছিল তালুকদাৰ।